/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dec048d3-3c7c-4d0e-a160-8e2cefc69f68/baksa_new.jpg)
ডিজিটেল সংবাদ, চাংসাৰিঃ চাংসাৰিস্থিত শৰাইঘাট মহাবিদ্যালয়ৰ ইকʼ ক্লাব আৰু ড০ ৰবীন দেৱ চৌধুৰী আৰ্ট গেলেৰীৰ উদ্যোগত আৰু শৰাইঘাট আৰ্ট ছচাইটিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হ'য় । এইবছৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু প্লাষ্টিক বৰ্জন আৰু পৃথিৱী ৰক্ষা শীৰ্ষক শিৰোনামৰ লগত সংগতি ৰাখি বৃক্ষৰোপণৰ কাৰ্যসূচীৰ লগতে চিত্ৰ অংকনৰ এক কৰ্মশালাও অনুষ্ঠিত হয়।
শৰাইঘাট আৰ্ট চছাইটিৰ হৈ কৰ্মশালাখন পৰিচালনা কৰে স্বনামধন্য চিত্ৰ শিল্পী প্ৰদীপ নাথে। এই কৰ্মশালাত অতুল চন্দ্ৰ বৰুৱা, দাদুল চলিহা, অনুপ শৰ্মা, ডঃ নায়ক অমৃতা নন্দা, মোহন ভূঞা, ৰুদ্ৰাংকুৰ হাজৰিকা, মিনাক্ষী বুঢ়াগোহাঁই, মিন্টু ডেকা, আদিৰ লগতে স্থানীয় চিত্ৰ শিল্পী ভৃগু কলিতা, বৰষা নাথ, নিপু কলিতা পৰমেশ্বৰ ডেকা ,আৰু চিন্ময় ডেকাও উপস্থিত থাকে।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অশোক বৰা। তেখেতে নিজৰ ভাষণত কয় যে, "প্লাষ্টিকৰ আৱৰ্জনাই বৰ্তমান সাগৰীয় জীৱকুল লৈ ভাবুকি অনাই নহয় অনাগত সময়ত ই সম্পূৰ্ণ জীৱ কুলৰ বসবাসৰ অনুপযুক্ত হৈ পৰিব।" তেখেতে প্লাষ্টিকৰ ব্যৱহাৰ কমাই কাগজৰ বা কাপোৰৰ মোনা ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনাই।
শৰাইঘাট মহাবিদ্যালয়ৰ ই'ক ক্লাবৰ সমন্বয়ক ডঃ মৌচুমী মহন্তই আঁত ধৰা অনুষ্ঠানটোত অধ্যক্ষ ডঃ মনি শৰ্মাই পৰিৱেশ দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্যৰ বিষয়ে বৰ্ণনা কৰি কয় যে, "পৰিৱেশ থাকিলেহে মানুহ থাকিব। পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিয়ে এতিয়া পৰিবেশ ৰক্ষা কৰাত একো একো জন সৈনিক হব লাগিব।"
মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ জ্ঞানদা নাথে সভাপতিত্ব কৰা সভাখনত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। শেষত শলাগৰ শৰাই আগবঢ়াই ভূগোল বিভাগৰ মুৰব্বী অধ্যাপিকা তথা ইক’ক্লাৱৰ সদস্যা ডঃ ভানু হাজৰিকাই।
Also Read: তাচপাতৰ দৰে খহি পৰিল ১৭০০ কোটি টকীয়া দলং, সন্ধানহীন গাৰ্ড...