আজাৰাৰ পেপছিক' কোম্পানীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু...

আজাৰাৰ পেপছিক' কোম্পানীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু...
আজাৰাৰ পেপছিক' কোম্পানীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ কৰ্মৰত অৱস্থাতে শ্ৰমিকৰ মৃত্যুৰ আন এক ঘটনা সংঘটিত হৈছে। এইবাৰ আজাৰাস্থিত পেপছিক' কোম্পানীত সংঘটিত হৈছে এই অঘটন।

আজাৰাস্থিত এই কোম্পানীটোত কৰ্মৰত হৈ থকা প্ৰণৱজ্যোতি হাজৰিকা নামৰ ১৩ বছৰীয়া কিশোৰ শ্ৰমিকজনৰ আজি মৃত্যু হয়। ইয়াকে লৈ কোম্পানীটোত সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি।

অভিযোগ অনুসৰি কোম্পানীটোৱে শ্ৰমিক প্ৰণৱজ্যোতিৰ মৃত্যুৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল। আনহাতে মাত্ৰ ১৩ বছৰীয়া কিশোপ প্ৰণৱজ্যোতিক কিদৰে প্ৰতিষ্ঠানটোৱে শ্ৰমিক হিচাপে নিয়োগ কৰিছিল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

প্ৰতিষ্ঠানটোত কৰ্মৰত অন্যান্য শ্ৰমিকৰ অভিযোগ অনুসৰি উপযুক্ত নঠি-পত্ৰ অবিহনেই তেওঁক প্ৰতিষ্ঠানটোৱে শ্ৰমিক হিচাপে নিয়োগ কৰিছিল। আজি পুৱা প্ৰায় ৮ বজাত ফেক্টৰীত কাম কৰিবলৈ সোমোৱা প্ৰণৱৰ প্ৰায় ১০ বজাত মৃত্যু হৈছিল।

এই বিষয়ে প্ৰতিষ্ঠানটোৰ মেনেজাৰ গৰাকীক অৱগত কৰা হৈছিল যদিও প্ৰথমে তেওঁ প্ৰণৱজ্যোতিৰ মৃত্যুৰ ঘটনাক গাপ দিবলৈহে চেষ্টা কৰিছিল। ইয়াকে লৈ প্ৰতিষ্ঠানটোৰ শ্ৰমিকসকলে এক উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰে।

অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। উল্লেখ্য যে, এই প্ৰতিষ্ঠানটোত পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

আজাৰাৰ পেপছিক' কোম্পানীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু...
এগৰাকী আৰক্ষীৰ মহানুভৱতা : নিজৰ কান্ধত ওলমাই ৰাখিলে দুৰ্ঘটনাত পতিত মৃতদেহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in