/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/03e0a68c-6840-4514-8cf3-8693c67efb4a/AP_FOR_WEB_magic_art.jpg)
শিশুৰ কাকলিৰে মুখৰিত নন্দিনী মেলাঃ মেজিক আৰ্টৰ প্ৰশিক্ষণলৈ যথেষ্ট আগ্ৰহ...
ডিজিটেল ডেস্কঃ আজি পুৱাৰে পৰা শিশুৰ কাকলিৰে মুখৰিত হৈ পৰিলে নন্দিনী মেলাৰ বাকৰি। খানাপাৰা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা নন্দিনী মেলাত আজি পুৱা প্ৰথমে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত শিশুসকলৰ মাজত অনুষ্ঠিত হয় এক মেজিক আৰ্টৰ কৰ্মশালা।
শিশুসকলক মেজিক আৰ্টৰ প্ৰশিক্ষণ প্ৰদান কৰে প্ৰিয়ংকা বৰুৱাই। এই কৰ্মশালাৰ আসনৰ সংখ্যা সীমিত হোৱাৰ বাবে আগ্ৰহ থকাৰ পাছতো বহু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিলে। শিক্ষাৰ্থীসকলে এই কৰ্মশালাৰ প্ৰতি দেখুওৱা আগ্ৰহে এক যোগাত্মক বাৰ্তা বহণ কৰিছে।
প্ৰশিক্ষণ প্ৰিয়ংকা বৰুৱাই শিক্ষাৰ্থীসকলৰ এনে আগ্ৰহ দেখি উৎফুল্লিত হৈ পৰিছে। তেওঁ শিক্ষাৰ্থীসকলক হাতত ধৰি প্ৰতিটো দিশ পুংখানুপুংখভাৱে বুজাই দিয়ে।
উল্লেখ্য, মেজিক আৰ্টৰ কৰ্মশালাৰ পূৰ্বে অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে প্ৰমাণপত্ৰ দিয়াৰ লগতে বিজয়ী প্ৰতিযোগীসকলক সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব।
Also Read: 'নন্দিনী'ত শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাঃ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ