/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1707ec07-02df-4587-812a-ab7694ab19e3/17.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ অন্তৰ্গত জ্যোতিকুছিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। শনিবাৰে পোহৰলৈ অহা তথ্য অনুসৰি পৰকীয়া প্ৰেমৰ বাবেই এগৰাকী স্বামীয়ে শুকুৰবাৰে নিশা প্ৰায় ১১-০০ বজাত পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তিনি টুকুৰা কৰে।
স্বামীৰ চোকা অস্ত্ৰৰ আক্ৰমণত কৰুণ মৃ্ত্যুক আঁকোৱালি লোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নীহন্তা স্বামীক ইতিমধ্যে ফটাশিল থানাৰ আৰক্ষীয়ে আটক কৰিছে।
পত্নীহন্তা স্বামী লক্ষ্মণ বিশ্বাসৰ ভাষ্য অনুসৰি দীৰ্ঘদিন ধৰি তেঁওৰ পত্নীয়ে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আছিল। এই কথা গম পোৱাৰ পাছত স্বামী লক্ষ্মণ বিশ্বাসে পত্নীক সতৰ্ক কৰি দিছিল।
পৰকীয়া প্ৰেম এৰাই চলিবলৈ বাৰে বাৰে পত্নীক অনুৰোধ কৰিছিল যদিও পতিৰ কথাক গুৰুত্ব নিদি পত্নীয়ে যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলাই গৈছিল। এই কথাত ক্ষুব্ধ হৈ পতি লক্ষ্মণে শুকুৰবাৰে নিশা শহুৰেকৰ ঘৰত থকা পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তিনি টুকুৰা কৰে।
হত্যাকাণ্ড সংঘটিত কৰিয়েই অভিযুক্ত লক্ষ্মণে পত্নীৰ কটা মূৰ লৈ ফটাশিল আৰক্ষী থানাৰ দিশে গৈ থকা অৱস্থাতে স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।ইতিমধ্যে আৰক্ষীয়ে পত্নীহন্তা স্বামী লক্ষ্মণ বিশ্বাসক গ্ৰেপ্তাৰ কৰিছে।
আনহাতে পত্নীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে উক্ত কাণ্ড সংঘটিত কৰাৰ সময়ত লক্ষ্মণ নিচাত মাতাল হৈ থকা বুলি একাংশ মন্তব্য কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাই থকা তদন্তৰ অন্ততহে সবিশেষ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।