আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত

সামাজিক মাধ্যমযোগে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৰাজহুৱা কৰিলে এই কথা

author-image
Asomiya Pratidin
New Update
আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত

ডিজিটেল ডেস্ক : দৰং জিলা আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। পৰৱৰ্তী সময়ত কোনো চাকৰিতে যোগদান কৰিব নোৱাৰিব ৰাজমোহন ৰায়ে।

তথ্য অনুসৰি ধূলাত সংঘটিত বনকৰা কিশোৰীৰ হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ অপৰাধত জড়িত আছিল ৰাজমোহন ৰায়। উল্লেখযোগ্য যে ৰাজমোহন ৰায়ৰ বৰ্খাস্ত সন্দৰ্ভৰ কথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ১ এপ্ৰিলত সামাজিক মাধ্যমত ৰাজহুৱা কৰিছিল।

টুইটযোগে জি পি সিঙে শূন্য সহনশীল নীতিৰ কথা উল্লেখ কৰি ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰা আৰু ভৱিষ্যতে কোনো চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত অযোগ্য বুলি উল্লেখ কৰিছিল।

Also Read: কাছাৰত কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

darrang police g p singh dhula police station crime Raj Mohan Ray Superintendent of Police Darrang Assam police