আন এক বিপদঃ এইবাৰ দ্বীবনৰ বিৰুদ্ধে গোচৰ পত্নীৰ...

আন এক বিপদঃ এইবাৰ দ্বীবনৰ বিৰুদ্ধে গোচৰ পত্নীৰ...

author-image
Asomiya Pratidin
New Update
দিবন ডেকাক কোনে দিছিল ফৰছ’নাৰ উপহাৰ…

আন এক বিপদঃ এইবাৰ দ্বীবনৰ বিৰুদ্ধে গোচৰ পত্নীৰ...

ডিজিটেল ডেস্কঃ এটাৰ পাছত আন এটাকৈ বিতৰ্কত সোমাই পৰা দ্বীবন ডেকাৰ বিৰুদ্ধে উত্থাপিত হৈছে আন এক গুৰুতৰ অভিযোগ। জে'ল ফেৰত এইগৰাকী নেতাৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে এইবাৰ উত্থাপন কৰিছে দ্বিতীয় বিবাহৰ অভিযোগ।

Advertisment

উল্লেখ্য যে, এছ আই কেলেংকাৰীৰে জড়িত হৈ জে'ললৈ যোৱা দ্বীবন ডেকা জে'লৰ পৰা ওলাই অহাৰ পাছতে পুনৰ আন এক বিতৰ্কত সোমাই পৰে। বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ এক অন্তৰংগ মুহূৰ্তৰ ফটো সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ প্ৰেৰণ কৰি ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছিল।

এই ঘটনাক লৈ চৰ্চাৰ শীৰ্ষত থকাৰ লগতে আত্মগোপণ কৰিবলৈও বাধ্য হোৱা দ্বীবন ডেকাৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে দ্বিতীয় বিবাহৰ অভিযোগ উত্থাপনেৰে শেহতীয়াকৈ পানবজাৰ মহিলা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল। আজি চানমাৰি আৰক্ষী থানাত দ্বীবন ডেকা হাজিৰ হোৱাৰ পাছতে আৰক্ষীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনা সন্দৰ্ভত সোধ-পোছ কৰি গ্ৰেপ্তাৰ কৰিছে।

তাৰ মাজতে পোহৰলৈ আহিছে দ্বীবন ডেকাৰ পত্নী বিভাৰাণী দাসে ৰুজু কৰা গোচৰৰ বিষয়টো। চাকৰি সূত্ৰে যোৰহাটত থকা বিভাৰাণী দাসে দ্বীবন ডেকাই ভনীতা নামৰ আন এগৰাকী যুৱতীৰ সৈতে দ্বিতীয় বিবাহত আৱদ্ধ হোৱাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰা মতে জে'লৰ পৰা মুকলি হোৱাৰ পাছত এবাৰা তেওঁক সাক্ষাৎ কৰা নাই।

Also Read: আকৌ গ্ৰেপ্তাৰ হ'ল দ্বীবন ডেকা...

দ্বীবন ডেকা