/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6e2b7b78-2bef-455b-806a-e4ed28867d36/AP_FOR_WEB_fancy.jpg)
উৰণ সেঁতুৱে যান-জঁট নিৰ্মূল কৰিব নোৱাৰিলে ! এইবাৰ স্থানান্তৰ কৰা হ'ব ফাঁচী বজাৰৰ হোলচেল মাৰ্কেট...
ডিজিটেল ডেস্কঃ এখনৰ পাছত এখনকৈ উৰণ সেঁতু নিৰ্মাণৰে গুৱাহাটীৰ আকাশ মকৰাজাল সদৃশ কৰাৰ পাছতো হ্ৰাস হোৱা নাই গুৱাহাটী মহানগৰীৰ যান-জঁট। তাৰ পাছতো ৰেকৰ্ড সৃষ্টিৰে ঘোষণা কৰা হৈছে উৰণ সেতু নিৰ্মাণৰ প্ৰকল্পৰ কথা।
তেনে এখন উৰণ সেঁতু গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা বামুণীমৈদামলৈকে নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পথত। ইতিমধ্যে পথৰ মাজত নিৰ্ধাৰিত স্থানত অস্থায়ীভাৱে দিয়া হৈছে বেৰিকেড।
এই উৰণ সেঁতুৱেও যে যান-জঁট নিৰ্মূল কৰিব তাত সন্দেহ নথকা নহয়। সেয়ে গুৱাহাটীৰ যান-জঁট হ্ৰাস কৰিবৰ বাবে এইবাৰ লোৱা হৈছে আন এক পদক্ষেপ। গুৱাহাটীৰ মাজমজিয়াত থকা ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন স্থানান্তৰৰ বিষয়ে চিন্তা চৰ্চা কৰিছে গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে।
মন্ত্ৰী সিংঘালে সাংবাদিকৰ আগত আজি এই মন্তব্য কৰিছে। পল্টনবজাৰৰ শ্ৰীশ্ৰী মহামায়া থানৰ হনুমান মন্দিৰ শুভাৰম্ভৰ লগতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংঘালে।
অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাতত তেওঁ গুৱাহাটীৰ যানজঁট হ্ৰাস কৰিবলৈ ফাঁচী বজাৰৰ হোলচেল মাৰ্কেট স্থানান্তৰৰ কথা উল্লেখ কৰে। মন্ত্ৰী অশোক সিংঘালে কয়, ''গুৱাহাটীৰ ফাঁচীবজাৰৰ হোলচেল মাৰ্কেট চাংসাৰী নতুবা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ পৰিকল্পনাৰ ওপৰত সক্ৰিয়তাৰে আমি কাম কৰি আছোঁ। অহা দিনবোৰত এইবোৰ কাম কৰিব লাগিব। নহ'লে গুৱাহাটীক যান-বাহনৰ যান-জঁটৰ পৰা মুক্ত কৰিব নোৱাৰিম।''
উল্লেখ্য, পল্টনবজাৰস্থিত শ্ৰী শ্ৰী মহামায়া থানৰ হনুমান মন্দিৰৰ শুভ উদ্বোধনৰ লগতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই কাৰ্যসূচীত অশোক সিংঘালৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াও উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী সিংঘালে মহাপ্ৰভূ হনুমানৰ আশীষ শক্তিয়ে আটাইকে কুশলে ৰখাৰ কামনা কৰে।
Also Read: ৰাষ্ট্ৰীয় পেনচাক ছিলাট প্ৰতিযোগিতাত অসমৰ ৩৫ টাকৈ পদক লাভ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us