ৰাষ্ট্ৰীয় পেনচাক ছিলাট প্ৰতিযোগিতাত অসমৰ ৩৫ টাকৈ পদক লাভ...

ৰাষ্ট্ৰীয় পেনচাক ছিলাট প্ৰতিযোগিতাত অসমৰ ৩৫ টাকৈ পদক লাভ...
ৰাষ্ট্ৰীয় পেনচাক ছিলাট প্ৰতিযোগিতাত অসমৰ ৩৫ টাকৈ পদক লাভ...

ডিজিটেল ডেস্কঃ যোৱা ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ পাটনাৰ পাটলীপুত্ৰ ইণ্ডৰ ষ্টেডিয়ামচ অনুষ্ঠিত হোৱা ১১ সংখ্য প্ৰী-টিন, প্ৰী-জুনিয়ৰ আৰু জুনিয়ৰ পেনচাক ছিলাট চেম্পিয়নশ্বিপ ২০২৩ ত অসম পেনচাক ছিলাট দলটোৰ খেলুৱৈসকলে ভিন ভিন শাখাত প্ৰতিদ্বন্দিতা কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জসহ মুঠ ৩৫ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

দেশৰ মুঠ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ১৫০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত অসম দলটোৱে সৰ্বমুঠ ৩৫ টা পদকৰেৰে পদক তালিকাৰ চতুৰ্থস্থান দখল কৰিবলৈ সক্ষম হৈছে।

অসম পেনচাক ছিলাট সংস্থাৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেয়ে জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাখনত অসমৰ হিমাক্ষী ধীৰাজ, শংকৰ পৰাজুলি, গোটাৰ কাৰ্লু, প্ৰিয়দৰ্শিনী কোঁৱৰ, অৰ্ণ ওৰাং, মৌচম চেতীয়া, মৃণ্ময় ভৰালীয়ে সোণৰ পদক অৰ্জন কৰিছে।

আনহাতে শংকৰ ৰায়, লাকী বিশ্বকৰ্মা, বিজিত কুমাৰ ৰয়, ৰিজু পায়েং, ডাংকেশ্বৰী বড়ো, জাংথী বড়ো, আলংবাৰ স্বৰ্গীয়াৰীয়ে ৰূপৰ পদক অৰ্জন কৰিছে। ইয়াৰোপৰি মোহন কলিতা, সঞ্জীৱ পেগু, দীপজ্যোতি চাবুকধৰা, হেপ্পী দেৱনাথ, কৃষ্ণ কান্ত টায়ে, গৰীমা নেওগ, দিব্যা বড়ো, নীলাক্ষী বড়ো, হাজওশ্ৰী বড়ো, জেনীথ ৰাভা, অংশুমান বৰুৱা, হিমাংশু হাজৰিকা, দিব্যজ্যোতি বৰুৱা, প্ৰশান্ত বৰুৱা, ৰোহিত বাঢ়ৈ, ওম বাছফৰ, টানিস্কা দত্ত, ইফটিহান ইছলাম, ধ্ৰুৱজ্যোতি শইকীয়া, অভিলেখ পাত্ৰ আৰু বিকাশ বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

ইফালে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সক্ৰিয়ভাৱে বিভিন্ন দায়িত্ব পালন কৰা অসমৰ সদস্যসকল ক্ৰমে স্বপ্না দৈমাৰী, ৰাজকিশোৰ ওৰাং, ওম চেত্ৰী, তিলক কুটুম, জয়দ্বীপ বড়ো, ননীগোপাল দত্ত, ইলা নাথ ডেকা, দিলীপ বসুমতাৰী, সন্তোষ দাস, ৰেকিব আলী, ববিতা বেগম, মেহনাজ আখতাৰ, নিপোন দলে, সুমুংশা বড়ো আদিয়ে।

ৰাষ্ট্ৰীয় পেনচাক ছিলাট প্ৰতিযোগিতাত অসমৰ ৩৫ টাকৈ পদক লাভ...
গুলীবিদ্ধ ভূ-মাফিয়া ৰমেন মদাহি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in