খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সফলতাক লৈ আশাবাদী ভাৰোত্তোলক পপী হাজৰিকা

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সফলতাক লৈ আশাবাদী ভাৰোত্তোলক পপী হাজৰিকা

ডিজিটেল সংবাদ,গুৱাহাটী : অসমসহ উত্তৰ-পূবৰ ৭খন ৰাজ্যত অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত যিসমূহ ইভেণ্টৰ পৰা অসমে নিশ্চিত পদক জয়ৰ আশা কৰিছে তাৰ ভিতৰত অন্যতম হ’ল ভাৰোত্তোলন ৷ উল্লেখ কৰা প্ৰয়োজন যে, বিগত বৰ্ষত উত্তৰ প্ৰদেশত অনুষ্ঠিত তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অসমৰ ৩গৰাকী মহিলা ভাৰোত্তোলক স্বপ্নাপ্ৰিয়া বৰুৱাই সোণ, দিতিমণি সোণোৱালে ৰূপ আৰু বৰ্ণালী বৰাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

এইবাৰ অসমৰ প্ৰদৰ্শন পূৰ্বতকৈয়ো উন্নত হ’ব বুলি আশাবাদী বাৰ্মিংহাম কমনৱেলথ গেমছত দেশক প্ৰতিনিধিত্ব কৰা অসম কন্যা পপী হাজৰিকা ৷ ‘প্ৰথমবাৰৰ বাবে অসম তথা উত্তৰ-পূবত হ’বলগা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছে প্ৰতিবিধ খেলৰে খেলুৱৈক এক্সপ’জাৰ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছে খেলুৱৈগৰাকীয়ে ৷ "অসমৰ ক্ৰীড়া উত্তৰণ আৰু খেলুৱৈৰ বাবে বৰ্তমানৰ চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকজয়ী খেলুৱৈক চৰকাৰী চাকৰি দিয়াৰ নীতিয়ে ৰাজ্যৰ ক্ৰীড়া পৰিবেশ সলনি কৰি দিছে ৷ তদুপৰি চহৰৰ লগতে গ্ৰাম্যঞ্চলতো আধুনিক আন্তঃগাথনি নিৰ্মাণ কৰি নতুন প্ৰতিভা উলিয়াই অনাত ৰাজ্য চৰকাৰে আশাপ্ৰদ কাম কৰি আছে ৷ তাৰমাজতে এনে ধৰণৰ প্ৰতিযোগিতা আয়োজনে অসমক ৰাষ্ট্ৰীয় গৌৰৱ দিব৷" বুলি খেলুৱৈ পপীয়ে ব্যক্ত কৰে ৷

উল্লেখ্য যে সৰুতে পিতৃক হেৰুওৱাৰ পাছত পপীৰ মাতৃয়ে ৪জনী কন্যা সন্তানৰে দৰিদ্ৰ পৰিয়ালটোক অতি কষ্ট আৰু প্ৰত্যাহ্বানৰ মাজৰে চলাইছিল ৷ জীৱন যুদ্ধৰ কঠিন সময় পাৰ কৰিও ক্ৰীড়াক কেৰিয়াৰৰূপে লৈ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত পদক জয়ৰে দেশ তথা ৰাজ্যক গৌৰৱান্বিত কৰা পপীৰ এই সাফল্যৰ যাত্ৰাৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ সহযোগিতাক স্বীকাৰ কৰে ৷ বৰ্তমানৰ চৰকাৰে খেলুৱৈৰ অভিভাৱকৰ দৰে দায়িত্ব পালন কৰিছে বুলি তাৰকা ভাৰোত্তোলকগৰাকীয়ে ব্যক্ত কৰে ৷

ইফালে, ২০০৭ চনত ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু ২০২০ৰ খেলো ইণ্ডিয়া যুৱ গেমছৰ সফল আয়োজনৰে অসমে দেশত যি সন্মান লাভ কৰিছিল থিক তেনেদৰে এইবাৰো চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অনন্য ৰূপত আয়োজন কৰি অসমে দেশৰ ক্ৰীড়া পৰিয়ালৰ হৃদয় জয় কৰিব বুলি পপীয়ে লগতে কয় ৷

"অসমৰ আতিথ্যক বিশ্বই প্ৰশংসা কৰে ৷ এইবাৰো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত জড়িত সকলোৱে নিষ্ঠাৰে কাম কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয় গেমছ আয়োজন কৰিব বুলি মই ১০০ শতাংশ দৃঢ় ৷ লগতে ৰাইজেও সহযোগ কৰি বাহিৰৰ পৰা আহিব লগা খেলুৱৈসকলক আমাৰ ঐতিহ্য, পৰম্পৰা প্ৰদৰ্শন কৰিব লাগে"।

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ দৰে এখন মঞ্চ যুৱ খেলুৱৈৰ বাবে আত্মবিশ্বাস বৃদ্ধিৰ সহায়ক বুলিও কয় পপীয়ে ৷ "দেশৰ প্ৰায় ২শ বিশ্ববিদ্যালয়ৰ হেজাৰ-হেজাৰ খেলুৱৈয়ে প্ৰতিযোগিতাত খেলিব৷ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰাটো স্মৰণীয় অভিজ্ঞতা সকলো খেলুৱৈৰ বাবে ৷ গাঁৱৰ পৰা আহি এনে প্ৰতিযোগিতাত অংশ লৈ মই কিদৰে দেশক প্ৰতিনিধিত্ব কৰাৰ অনুপ্ৰেৰণা পাইছিলো সেয়া নিজেই অনুভৱ কৰিছো ৷ সকলো খেলুৱৈকে শুভেচ্চা জনোৱাৰ লগতে চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সফলতা কামনা কৰিলো ৷"

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সফলতাক লৈ আশাবাদী ভাৰোত্তোলক পপী হাজৰিকা
চিনাতলীত বিশ্ব ৰেডিঅ' দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in