উৎকট গৰমে দহিছে ৰাজ্যঃ বৰষুণৰ অপেক্ষাত সকলো যেন চাতক চৰাই...

উৎকট গৰমে দহিছে ৰাজ্যঃ বৰষুণৰ অপেক্ষাত সকলো যেন চাতক চৰাই...
উৎকট গৰমে দহিছে ৰাজ্যঃ বৰষুণৰ অপেক্ষাত সকলো যেন চাতক চৰাই...

ডিজিটেল ডেস্কঃ উৎকট গৰমে দহিছে ৰাজ্য। গ্ৰীস্মৰ প্ৰখৰ উত্তাপত গুৱাহাটীৰ বাসিন্দাৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ তথৈবচ অৱস্থা। কোনোৱে যদি এজাক শীতল বতাহৰ বাবে অপেক্ষা কৰিছে আন কোনোৱে আকৌ বিচাৰিছে এজাক পাতলীয়া বৰষুণ।

উৎকট গৰমৰ বাবেই এতিয়া অধিকাংশ লোকে চাতক চৰাইৰ দৰে বৰষুণৰ অপেক্ষাত ৰৈছে। তাৰ মাজতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী ৭ টা দিনৰ বতৰৰ আগলি বতৰা দিছে।

অৱশ্যে এই আগলি বতৰা গুৱাহাটীৰ লগতে ৰাজ্যবাসীৰ বাবে বৰ এটা সন্তুষজনক নহয়। কিয়নো আগন্তুক ৭ টা দিনটো প্ৰখৰ তাপ প্ৰবাহ অব্যাহত থাকিব। সৰ্বোচ্চ তাপমাত্ৰাই ৩৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত স্পৰ্শ কৰিব।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৩১ জুনত ৰাজ্যত সৰ্বোচ্চ তাপমাত্ৰা হ'ব ৩৬ ডিগ্ৰী চেলছিয়াছ। আৰু সৰ্ব নিম্ন তাপমাত্ৰা হ'ব ২৫ ডিগ্ৰী চেলছিয়াছ।

সেইদৰে ১ জুনত সৰ্বোচ্চ ৩৬ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী চেলছিয়াছ, ২ জুনত সৰ্বোচ্চ ৩৪ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী চেলছিয়াছ, ৩ জুনত সৰ্বোচ্চ ৩৪ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী চেলছিয়াছ, ৪ জুনত সৰ্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৩ ডিগ্ৰী চেলছিয়াছ, ৫ জুনত সৰ্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী চেলছিয়াছ।

অৱশ্যে এনে তাপপ্ৰবাহৰ মাজতো এই সময়ছোৱাত আংশিকভাৱে বতৰ কিছু ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণৰো সম্ভাৱনা আছে।

উৎকট গৰমে দহিছে ৰাজ্যঃ বৰষুণৰ অপেক্ষাত সকলো যেন চাতক চৰাই...
নগাওঁ আৰক্ষীত সংস্কাৰ ! কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মাজত ৰদবদল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in