নগাওঁ আৰক্ষীত সংস্কাৰ ! কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মাজত ৰদবদল...
নগাওঁ আৰক্ষীত সংস্কাৰ ! কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মাজত ৰদবদল...

নগাওঁ আৰক্ষীত সংস্কাৰ ! কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মাজত ৰদবদল...

ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নৱনীত মহন্তই দায়িত্ব লোৱাৰ পাছতে জিলাখনৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ মাজত ব্যাপক ৰদবদল অব্যাহত ৰাখিছে। শেহতীয়াকৈ তেওঁ জিলাখনৰ কেইবাখনো আৰক্ষী থানাৰ কৰ্তব্যৰত ভাৰপ্ৰাপ্ত বিষয়াসকলৰ মাজত ৰদবদল কৰিছে।

সেই অনুসৰি জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাক কামপুৰ আৰক্ষী থানালৈ বদলি কৰা হৈছে। কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিৰাম কলিতাক ৰহা আৰক্ষী থানালৈ বদলি কৰা হৈছে।

ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকাক জাজৰি আৰক্ষী থানালৈ বদলি কৰা হৈছে। আনহাতে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰাক বদলি কৰা হৈছে উলুৱনি আৰক্ষী থানালৈ।

উলুৱনি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈক বদলি কৰা হৈছে খাটোৱাল আৰক্ষী থানালৈ। কচুৱা আৰক্ষী থানালৈ বদলি কৰা হৈছে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইছাদক। আনহাতে ধিং আৰক্ষী থানালৈ বদলি কৰা হৈছে চামগুৰিৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়োক।

বাগৰিৰ আই চি অজিত সোণোৱালক বদলি কৰা হৈছে ইটাচালিলৈ। জুৰীয়াৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনিক বদলি কৰা হৈছে জখলবন্ধা আৰক্ষী থানালৈ। ননৈৰ আই চি বিভূতি থাপাক বদলি কৰা হৈছে মৰিকলঙলৈ।

আনহাতে বেবেজিয়াৰ আই চি চিৰঞ্জীৱ লাহনক বাগৰি আৰক্ষী থানালৈ বদলি। ৰূপহীহাট থানাৰ আই চি ফিৰোজ দলেক লাওখোৱা চাপৰিলৈ বদলি। আনহাতে লাওখোৱা চাপৰিৰ ভাৰপ্ৰাপ্ত বিষয়া মিতু দাসক জুৰীয়া থানালৈ বদলি কৰা হৈছে।

নগাওঁ আৰক্ষীত সংস্কাৰ ! কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মাজত ৰদবদল...
মণিপুৰৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কুকি আৰু মেইটেই জনগোষ্ঠীৰ সৈতে আলোচনা অমিত শ্বাহৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in