এখন পানী যোগানকাৰী টেম্প'ক ৯০ হাজাৰলৈ জৰিমণাঃ গুৱাহাটীত অধিক বৃদ্ধি পাব পানীৰ সমস্যা...

এখন পানী যোগানকাৰী টেম্প'ক ৯০ হাজাৰলৈ জৰিমণাঃ গুৱাহাটীত অধিক বৃদ্ধি পাব পানীৰ সমস্যা...
এখন পানী যোগানকাৰী টেম্প'ক ৯০ হাজাৰলৈ জৰিমণাঃ গুৱাহাটীত অধিক বৃদ্ধি পাব পানীৰ সমস্যা...

ডিজিটেল ডেস্কঃ তীব্ৰ পানীৰ সংকটত গুৱাহাটী। জাইকাৰ পানী যোগান বন্ধ হৈ থকাৰ মাজতে এতিয়া গুৱাহাটীত পানী যোগান ধৰি অহা টেম্প' চালকসকলেও আৰম্ভ কৰিছে প্ৰতিবাদ। এই প্ৰতিবাদকাৰী পানী যোগানধৰা টেম্প' চালকসকলে আগন্তক ৩ দিনলৈ পানী যোগান নধৰাৰ হুংকাৰ দিছে।

পৰিস্থিতি সাপেক্ষে অনিৰ্দিষ্ট কাললৈ পানী যোগান বন্ধ কৰিব এই পানী যোগানকাৰীসকলে। পানী যোগানকাৰী টেম্প'চালকসকলৰ অভিযোগ প্ৰশাসন তথা পৰিবহণ বিভাগে তেওঁলোকৰ ওপৰত ধাৰাবাহিক ভাৱে চলাইছে আতিশায্য।

একোখনকৈ পানী যোগানধৰা টেম্প'ৰ ওপৰত জাৰি কৰিছে ৮০ ৰ পৰা ৯০ হাজাৰ টকালৈকে জৰিমণা। প্ৰতিবাদ সাব্যস্ত কৰা টেম্প' চালকসকলে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছতে এতিয়া গুৱাহাটীত পানী যোগান ধৰাৰ পৰিৱেশ নোহোৱা হৈছে।

গুৱাহাটীৰ প্ৰায় প্ৰতিটো স্থানতে ট্ৰেফিক আৰক্ষী, জিলা পৰিবহণ বিষয়া আদিয়ে বাহন ৰাখি বিভিন্ন অজুহাত দেখুৱাই জৰিমণা বিহি আহিছে। উল্লেখ্য, গুৱাহাটীত হাজাৰ হাজাৰ টেম্প'ত কেৱল চিনটেক্স বহুৱাই পানী যোগান ধৰি আহিছে।

কিন্তু এতিয়া হঠাৎ পৰিবহণ বিভাগে ৰাজপথত ৰৈ এই টেম্প'বোৰ ৰখাই টেম্প'চালকৰ পৰা পানী যোগান ধৰাৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ বিচাৰিছে। চিনটেক্সৰ পৰিৱৰ্তে বিচাৰিছে টেংকাৰৰ অনুজ্ঞাপত্ৰ।

ইয়াৰ বাবে আগতীয়াকৈ জাৰি কৰা নাই কোনো জাননী। পানী যোগানকাৰীসকলক এই বিষয়ে পূৰ্বে একো অৱগত নকৰাকৈ এইদৰে হঠাৎ তেওঁলোকক জৰিমণা বিহাৰ উপৰিও তেওঁলোকৰ টেম্পৎসমূহ ৰাজপথৰ পৰা জব্দ কৰিছে।

অভিযোগ অনুসৰি টেম্প'চালকসকলক জৰিমণা আদায় নিদিলে জে'ললৈ প্ৰেৰণ কৰাৰো ভাবুকি প্ৰদান কৰিছে। একোখন টেম্প'ক জাৰি কৰা জৰিমণা ৯০ হাজাৰ পৰ্যন্ত হৈছেগৈ।

টেম্প' চালকসকলৰ অভিযোগ এইদৰে একোখন সাধাৰণ টেম্প'ক কোনো কাৰণ নোহোৱাকৈ, আগতীয়া একো জাননী জাৰি নকৰাকৈ হঠাৎ ৯০ হাজাৰ পৰ্যন্ত জৰিমণা বিহা হৈছে। এনে পৰিস্থিতিত পানী যোগান ধৰি পৰিয়াল চলাই অহা এই টেম্প' চালকসকলে কিদৰে তেওঁলোকৰ পৰিয়াল প্ৰতিপালন কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে তেওঁলোকৰ ওপৰত চলোৱা এই মানসিক অত্যাচাৰৰ পৰিণাম ২০২৪ ত ভূগিবলাগিব বুলিও হুংকাৰ দিছে। তেওঁলোকে কয়, খিলঞ্জীয়াৰ কথা কোৱা এই চৰকাৰখনক আমি প্ৰতিজনে ভোট দিছিলো। আমাৰ পৰিয়ালৰ প্ৰতিটো ভোট এই চৰকাৰখনে লাভ কৰিছিল।

কিন্তু এতিয়া বিভিন্ন অজুহাত দেখুৱাই এইদৰে আমাক নিৰ্যাতন চলাইছে। যান-বাহন আৰক্ষী, পৰিবহণ বিষয়াই ৰাজপথত ৰৈ কোনো নীতি, নিয়ম নোহোৱাকৈ যাৰ যি ইচ্ছা তেনেকৈয়ে ৬০/৭০/৮০/৯০ হাজাৰ টকা জৰিমণা লিখি গৈছে।

সাধাৰণ, নিৰীহ, খাটি খোৱা লোকৰ ওপৰত এইদৰে নিৰ্যাতন চলোৱা চৰকাৰখনে কিয় গুৱাহাটীক আজিও পানী যোগান ধৰিব পৰা নাই বুলিও এই পানী যোগানকাৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে কৈছে, পানীৰ অভাৱত ভূগি থকা গুৱাহাটীবাসীক আমি পানী যোগান ধৰি সেৱা কৰিছো। এই দায়িত্ব আছিল চৰকাৰৰ।

গুৱাহাটী মহানগৰত পানী যোগান ধৰি অহা এই টেম্প চালকসকলৰ এই প্ৰতিবাদে এতিয়া গুৱাহাটীত যে আৰু অধিক পানীৰ সমস্যাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত। অৱশ্যে এই কথাও ঠিক যে, একাংশ পানী যোগানকাৰীয়ে বৃদ্ধি পোৱা পানীৰ নাটনিৰ সমস্যাৰ সুযোগ লৈ য'ৰ পৰা যেনেকৈয়ে পাইছে তেনেকৈয়ে পানী সংগ্ৰহ কৰি, জনস্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদি পানী যোগান ধৰি আহিছে।

আচলতে এইসকল পানী যোগানকাৰীৰ ওপৰতহে এই সময়ত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল। কিন্তু তাকে নকৰি ৰাজপথত ৰৈ পৰিবহণ বিভাগে এইদৰে বাহন জব্দ কৰা আৰু অধিক জৰিমণা বিহি সমস্যাক যে আৰু জটিল কৰি তুলিছে সেয়া সহজে অনুমেয়।

এখন পানী যোগানকাৰী টেম্প'ক ৯০ হাজাৰলৈ জৰিমণাঃ গুৱাহাটীত অধিক বৃদ্ধি পাব পানীৰ সমস্যা...
লাল বাহাদুৰ শাস্ত্ৰী, নীতিশ কুমাৰ, মমতা বেনাৰ্জীয়ে কৰিছিল পদত্যাগঃ অশ্বিনী বৈষ্ণৱে নৈতিক দায়িত্ব স্বীকাৰ কৰিবনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in