/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/56175b13-c2ef-4e1c-9eb0-8c51f6213d46/piyush_new.jpg)
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মঙলবাৰে দিছপুৰ সমষ্টিৰ অন্তৰ্গত পানীখাইটি অঞ্চলৰ হাতীশিলা মন্দিৰৰ কাষৰীয়া স্থানত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া ৰোধৰ কাম পৰিদৰ্শন কৰে ।
উল্লেখ্য যে বিগত সময়ত নাৰেঙ্গীৰ পৰা পবিতৰা অভয়াৰণ্য আৰু জাগী ভকতগাঁও সংযোগী পথটিৰ পানীখাইটি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰাত বিভাগীয়ভাৱে খহনীয়া ৰোধৰ বাবে প্ৰয়াস কৰা হৈছিল ।
উল্লেখ্য যে জিঅ’ বেগ, এপ্ৰ’ন আৰু পাৰ্কুপাইন আদিৰ জড়িয়তে জলসম্পদ বিভাগে তৎপৰতাৰে খহনীয়া ৰোধৰ বাবে কাম কৰি বহুখিনি সফলতাও লাভ কৰিছিল । মন্ত্ৰী পীযুষ হাজৰীকাইও পূৰ্বেও তিনিবাৰকৈ উক্ত অঞ্চলটো ভ্ৰমণ কৰি কামৰ অগ্ৰগতিৰ প্ৰত্যক্ষ বুজ লৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/03bd4722-ae1d-4f6b-8897-84eed6f377ea/e20d6661_7f94_47e9_8b2d_7bcced28b019.jpg)
আজি পুনৰ বিভাগৰ মুখ্য অভিযন্তাক লগত লৈ উক্ত স্থানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে খহনীয়াৰ শেহতীয়া স্থিতি আৰু কামৰ অগ্ৰগতিৰ বুজ লয় ।
আনহাতে অঞ্চলটোত মূল পথৰ ফালে আগবাঢ়ি অহা নদীৰ সুঁতক সলনি কৰি নদীৰ বুকুত প্ৰায় দুই কিল’মিটাৰ মানৰ নিলগত থকা চৰৰ মাজেৰে বোৱাই নিয়াৰ বাবে বিভাগৰ ফালৰ পৰা পৰিকল্পনা যুগুত কৰা হৈছে ।
মন্ত্ৰী হাজৰীকাই আজি নাৱেৰে নদীৰ মাজৰ চৰ অঞ্চলটোত উপস্থিত হৈ উক্ত পৰিকল্পনাৰ বিষয়ে চৰ জমীন বুজ লয় ।
উল্লেখ্য যে নদীৰ পাৰৰ পৰা প্ৰায় দুই কিল’মিটাৰ নিলগৰ চৰৰ মাজেৰে দীঘলীয়াকৈ খাল কাটি নদীৰ সুঁত সলনি কৰি পাৰৰ খহনীয়া কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় নেকি সেই বিষয়ে চিন্তা কৰি বিভাগৰ ফালৰ পৰা ইতিমধ্যে পৰিকল্পনা যুগুত কৰা হৈছে ।
পৰিদৰ্শনৰ সময়ত জলসম্পদ মন্ত্ৰী গৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তা আৰু আন অভিযন্তাসকলৰ সৈতে এই বিষয়ে বিষদভাৱে আলোচনা কৰে । লগতে প্ৰয়োজন সাপেক্ষে আন অভিজ্ঞ অভিযন্তাৰ সৈতে আলোচনা কৰি হ’লেও এই ক্ষেত্ৰত উচিত পদক্ষেপ ল’বলৈ তেওঁ বিভাগক নিৰ্দেশনা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/eeb22917-a5ab-401a-90c8-246b5bd6d6b6/1589c8a3_501e_4499_8535_c65fac4571e1.jpg)
আজিৰ পৰিদৰ্শন কালত উপস্থিত হোৱা স্থানীয় সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদীৰ খহনীয়া পোনচাতেই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি ক’ব নোৱাৰি ।
কিন্তু বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰসকলৰ আন্তৰিক প্ৰয়াসৰ বাবে ইতিমধ্যে পানীখাইটিত নদী খহনীয়া কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব পৰা হৈছে ।
আনহাতে উজনী অসমৰ তিনিচুকীয়া জিলাত জলসম্পদ বিভাগে দিবাং নদীৰ পানী নতুন সুঁতি সৃষ্টি কৰি বোৱাই নিবলৈ চেষ্টা কৰি নামনি অংশত খহনীয়া ৰোধত কিছু পৰিমাণে সফল হোৱা বুলি মন্তব্য কৰে ।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পানীখাইটি অঞ্চলতো চৰৰ মাজেৰে খাল কাটি নদীৰ সোঁত কিছু পৰিমাণে সলনি কৰিবলৈ প্ৰয়াস কৰা হ’ব । এই ক্ষেত্ৰত বিভাগীয় ভাৱে ইতিমধ্যেই প্ৰয়োজনীয় পদক্ষেপ হাতত লোৱা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/00a34cc3-242a-4a6b-9ae6-74729fdb594c/1f440e03_58bd_43b2_bd12_06e2b25638cb.jpg)