লক্ষণ দেখা পালে সতৰ্ক হওক, খাওঁক এইসমূহ খাদ্য

লক্ষণ দেখা পালে সতৰ্ক হওক, খাওঁক এইসমূহ খাদ্য

ডিজিটেল ডেস্ক: মেলেৰিয়া হৈছে এনে এক ৰোগ, যিয়ে পৰিৱৰ্তনশীল ঋতুত ভয়াৱহ ৰূপ লৈ আৰ্ৱিভাৱ হয়।যদি ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ লক্ষ্য কৰা নহয়, তেনেহ'লে আমাৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হোৱাৰ সম্ভাৱনা থাকে।আজি এই ৰোগ কিয় হয়, ইয়াৰ লক্ষণ তথা কেনেকৈ এই ৰোগৰ পৰা বাচি থাকিব পাৰি জানো আহক-

মেলেৰিয়া কিদৰে বিয়পে ?

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ৰোগটো সংক্ৰমিত মাইকী এনোফিল মহৰ কামোৰৰ ফলত হয়। এই মহে কামোৰাৰ ফলত প্লাজমোডিয়াম ভাইভেক্স ভাইৰাছ মানুহৰ তেজত সংক্ৰমিত হয়। এই ভাইৰাছৰ ফলত ব্যক্তিজন মেলেৰিয়াৰ দৰে বিপদজনক ৰোগত আক্ৰান্ত হয়। যদি এই ৰোগৰ সময়মতে চিকিৎসা লোৱা নহয়, তেন্তে ই স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।

মেলেৰিয়াৰ লক্ষণ 

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই সংক্ৰমিত মহে কামোৰাৰ ১০-১৫ দিনৰ পিছতহে এই ৰোগৰ লক্ষণবোৰে দেখা দিবলৈ আৰম্ভ কৰে। আনহাতে, আগতে মেলেৰিয়া হোৱা লোকসকলৰ ক্ষেত্ৰত এই ৰোগৰ লক্ষণ কমকৈ দেখা দিব পাৰে। মেলেৰিয়াৰ লক্ষণসমূহ হৈছে-

. ঠাণ্ডাত কঁপি থকা

. তীব্ৰ জ্বৰ 

. মুৰৰ বিষ

. শৰীৰৰ বিষ

. অসুস্থ অনুভৱ কৰা

. বমি 

. ঘাম ওলোৱা 

মেলেৰিয়াত আক্ৰান্ত হ’লে কেনে ধৰণৰ আহাৰ খোৱা উচিত ? 

অধিক প্ৰ'টিন সমৃদ্ধ খাদ্য

যদি আপুনি মেলেৰিয়াত ভুগি আছে, তেন্তে আপোনাৰ খোৱাৰ ৰুটিনত অধিক প্ৰ'টিন গ্ৰহণ কৰক। মেলেৰিয়াৰ ফলত শৰীৰত থকা কোষকলাৰ ক্ষতি হয়, যাৰ ফলত প্ৰ'টিন আৰু কাৰ্বোহাইড্ৰেট সমৃদ্ধ আহাৰৰ প্ৰয়োজনীয়তা বৃদ্ধি হয়।সেয়েহে, আপুনি আপোনাৰ আহাৰত কণী, বাদাম, চৰ্বিহীন মাংস, মাছ আৰু দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত কৰিব।

ভিটামিন সমৃদ্ধ খাদ্য

ইয়াৰ উপৰিও আপুনি আপোনাৰ আহাৰত ভিটামিন-এ আৰু চি থকা আহাৰ অন্তৰ্ভুক্ত কৰিব।এই আহাৰে শৰীৰত ভিটামিন আৰু মুক্ত ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব আৰু আপোনাৰ শৰীৰক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিব।ইয়াৰ বাবে আপোনাৰ আহাৰত অমিতা, আম, আঙুৰ, মৌচম্বী, আনাৰস আদি ফল অন্তৰ্ভুক্ত কৰিব। 

শৰীৰটো ‘হাইড্ৰেটেড’ ৰাখিব 

মেলেৰীয়া ৰোগীসকলে তেওঁলোকৰ শৰীৰ সদায় ‘হাইড্ৰেটেড’ কৰি ৰাখিব লাগে।ইয়াৰ বাবে আপুনি নাৰিকল পানী, কুঁহিয়াৰৰ ৰস, সতেজ ফলৰ ৰস, নেমুৰ ৰস, চুপ আদি খাব পাৰে। ইয়াৰ বাহিৰেও সাধাৰণ পানী খোৱাৰ আগতে ইয়াক ভালদৰে উতলাওক যাতে পানীখিনি বেক্টেৰিয়ামুক্ত হয়।অধিক পানী খালে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহে, যিয়ে আপোনাৰ শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখে।

আহাৰত কাৰ্বোহাইড্ৰেট অন্তৰ্ভূক্ত কৰিব

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যেতিয়া মেলেৰিয়া জ্বৰ হয়, শৰীৰত বিপাকীয় হাৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে।ইয়াৰ ফলত শৰীৰক অধিক কেলৰিৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত, আপুনি উচ্চ কাৰ্বোহাইড্ৰেট আহাৰ গ্ৰহণ কৰিব লাগিব।ইয়াৰ বাবে আপুনি আপোনাৰ আহাৰত চাউল অন্তৰ্ভুক্ত কৰিব পাৰে। ই আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰিব।

অত্যাধিক ভজা খাদ্য নাখাব 

আপুনি আহাৰত ফ্লেক্স বীজ, চিয়া বীজ, আখৰোট, মাছ আৰু মাছৰ তেলৰ পৰা তৈয়াৰ কৰা বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে। ই শৰীৰৰ পৰা প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।কিন্তু অত্যাধিক তেলেতীয়া খাদ্য তথা ভজা খাদ্য একেবাৰে নাখাব। 

জাংক ফুডৰ পৰাও আঁতৰি থাকিব 

অত্যাধিক মচলাযুক্ত তথা গৰম খাদ্য, আচাৰ আদি পৰিহাৰ কৰিব। ই পেটৰ সমস্যা সৃষ্টি কৰিব পাৰে। ইয়াৰ বাহিৰেও কফি আৰু কেফেইনযুক্ত খাদ্য পৰিহাৰ কৰিব। 

নিজকে এনেদৰে সুৰক্ষিত কৰিব

.মেলেৰিয়াৰ দৰে ৰোগ পৰিহাৰ কৰিবলৈ প্ৰথমে মহৰ পৰা নিজকে সুৰক্ষিত ৰাখিব। যদি চাৰিওফালে অধিক মহ থাকে, তেন্তে আঠুৱা ব্যৱহাৰ কৰিব।

. ঘৰৰ দুৱাৰ আৰু খিৰিকীত জাল ৰাখিব যাতে মহ ঘৰৰ ভিতৰলৈ আহিব নোৱাৰে। 

 ঘৰৰ ভিতৰত মহ নিবাৰণ ব্যৱহাৰ কৰিব।

. ৰাতি শুই থাকোঁতে সম্পূৰ্ণ হাতৰ কাপোৰ পিন্ধিব, যাতে আপোনাৰ শৰীৰ ভালদৰে ঢাকি থাকে। 

. ঘৰৰ চাৰিওফালে পানী জমা হ'বলৈ নিদিব।

লক্ষণ দেখা পালে সতৰ্ক হওক, খাওঁক এইসমূহ খাদ্য
লক্ষণ, প্ৰতিৰোধৰ উপায়সমূহ জানি লৈ সাৱধান হওক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in