এইবাৰ পানীৰ পাইপ ফুটিল মালিগাঁওত, নিমিষতে জলমগ্ন সমগ্ৰ অঞ্চল

এইবাৰ পানীৰ পাইপ ফুটিল মালিগাঁওত, নিমিষতে জলমগ্ন সমগ্ৰ অঞ্চল

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীৰ নাটনি দূৰ কৰিবলৈ ২০০৯ চনত আৰম্ভ কৰা হৈছিল গুৱাহাটী পানী যোগান প্ৰকল্প । দীৰ্ঘদিনীয়া হেমাহিৰ অন্তত বিজেপি চৰকাৰৰ উদ্যোগত ২০২৪ বৰ্ষলৈ সম্পূৰ্ণ প্ৰকল্পৰ কাম শেষ কৰাৰ কথা চলি থকাৰ মাজতেই কেইবাটাও অঞ্চলত দেখা দিছিল বিভিন্ন বিসংগতিয়ে । ক'ৰ'বাত যদি পানীৰ পাইপৰ বাবে মাটি খান্দি বহু দিনলৈ নাই শ্ৰমিক, আন ক'ৰ'বাত আকৌ পাইপ বহুৱাবলৈ যোৱা বাহনে চিঙি থৈ গ'ল অঞ্চলটোৰ বৈদ্যুতিক সংযোগ । কিন্তু তাৰ পাছতো গুৱাহাটী মহানগৰীৰ প্ৰায় ১.৫ লাখ বাসগৃহত ২৪ ঘন্টাজোৰা বিশুদ্ধ খোৱাপানীৰ প্ৰকল্পটো সফলতাৰ দিশে আগুৱাই গৈছিল চৰকাৰৰ তদাৰকত ।

কিন্তু জাইকা আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই যেন প্ৰায় সম্পূৰ্ন হৈ উঠা প্ৰকল্পটো চূড়ান্তৰূপে বিফল । ইতিমধ্যেই মহানগৰীৰ খাৰঘূলি অঞ্চলত জাইকাৰ পানীৰ পাইপ ফাটি সৃষ্টি হোৱা ভয়াৱহ দুৰ্ঘটনা সন্দৰ্ভত জ্ঞাত সচেতন ৰাইজ । যি দুৰ্ঘটনাৰ ফলত এগৰাকী লোকে প্ৰাণ হেৰুৱাৰ ওপৰিও গৃহহাৰা হৈছিল বহু কেইটা পৰিয়াল । একে সময়তেই মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পানীৰ পাইপবোৰেও একেই সংকেত বহন কৰিছিল ।

মূলত: নিম্নমানৰ কামৰ বাবেই সংঘটিত হোৱা এই ঘটনাৰ পাছতো কিন্তু গা নলৰিল বিভাগীয় কৰ্তৃপক্ষ অথবা চৰকাৰৰ । যাৰ ফলত মালিগাঁৱত আজি দিনৰ ভাগত সংঘটিত হ'ল অনুৰূপ ঘটনা । মালিগাঁও চাৰিআলিত জাইকাৰ পানীৰ পাইপ ফুটি নিমিষতে জলমগ্ন হ'ল সমগ্ৰ অঞ্চল । কেৱল সেয়াই নহয় বৰং এনে বিসংগতিয়ে বহু সময়লৈ বন্ধ কৰি ৰাখিলে যাতায়ত ব্যৱস্থাও । জালুকবাৰী থানাৰ সমীপত নিৰ্মীয়মাণ উৰণীয়া সেতুৰ তলত সংঘটিত হোৱা এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন ৰাইজক ।

সমগ্ৰ মহানগৰীতেই হৈছিল নেকি নিম্নমানৰ কাম ? যদি অইন কোনো জনবসতিপূৰ্ণ অঞ্চলত খাৰঘূলিৰ পুনৰাবৃত্তি হয় তেন্তে তাৰ দায়িত্ব কোনে ল'ব ? ইতিমধ্যেই গুৱাহাটীৰ জু-ৰোড অঞ্চলত জাইকাৰ পানীৰ পাইপেৰে পানী লিক হোৱা প্ৰত্যক্ষ কৰিছে বহু জনে । জু-ৰোডকে ধৰি মহানগৰীৰ যি যি ঠাইত ইতিমধ্যে জাইকাই পানী যোগান প্ৰকল্পৰ কাম কৰিছে সেই অঞ্চলসমূহ এবাৰ পৰীক্ষা কৰক চৰকাৰে । এতিয়াই দায়িত্ব ন'ললে পৰৱৰ্তী সময়ত ক্ষতিপূৰণে উভতাই আনিব নোৱাৰিব মানৱ জীৱন একোটা ।

এইবাৰ পানীৰ পাইপ ফুটিল মালিগাঁওত, নিমিষতে জলমগ্ন সমগ্ৰ অঞ্চল
তৰমুজৰ খেতিৰে স্বাৱলম্বিতাৰ বাট দেখুৱাইছে জামুগুৰিহাটৰ যুৱকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in