মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ

ডিজিটেল ডেস্ক : পুনৰ পানীৰ পাইপ ফুটি হাহাকাৰ মহানগৰবাসী। শনিবাৰে দিনৰ ভাগত জু-ৰোডত পানীৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতি। পাইপেৰে ওলাইছে অহৰহ পানী। নিৰ্মীয়মাণ উৰণ সেঁতুৰ তলত সংঘটিত হৈছে এই ঘটনা।

পাইপ ফুটাৰ ফলত সৃষ্টি হৈছে তীব্র যান-জঁটৰ। ইয়াৰোপৰি সমগ্ৰ অঞ্চলটি জলমগ্ন হৈ পৰিছে। ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টা পাৰ হৈ যোৱাৰ পিচতো জলব'ৰ্ডৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ একাংশ লোকৰ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মহানগৰীৰ কেইবা স্থানত ফুটিছিল পানীৰ পাইপ। খাৰঘূলি,শিলপুখুৰী,ৰাজগড় আদি স্থানৰ পিচত জু-ৰোডত সংঘটিত হৈছে পানীৰ পাইপ ফুটা কাণ্ড।

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ
তীব্ৰ বেগী ১০ চকীয়া ট্ৰাকে মহতিয়াই নিলে ২ খনকৈ অটোঃ ২ জন নিহত, ৪ জন আহত

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in