তীব্ৰ বেগী ১০ চকীয়া ট্ৰাকে মহতিয়াই নিলে ২ খনকৈ অটোঃ ২ জন নিহত, ৪ জন আহত

তীব্ৰ বেগী ১০ চকীয়া ট্ৰাকে মহতিয়াই নিলে ২ খনকৈ অটোঃ ২ জন নিহত, ৪ জন আহত
তীব্ৰ বেগী ১০ চকীয়া ট্ৰাকে মহতিয়াই নিলে ২ খনকৈ অটোঃ ২ জন নিহত, ৪ জন আহত

ডিজিটেল ডেস্কঃ বিলাসীপাৰাৰ নয়াহাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী এখন ১০ চকীয়া ট্ৰাকে মহতিয়াই নিলে ২ খনকৈ অটোক। এই দুৰ্ঘটনাত নিহত হৈছে ২ জনকৈ লোক।

উল্লেখ্য যে, পশ্চিমবংগৰ পৰা বিলাসীপাৰা অভিমুখে আহি থকা তীব্ৰ বেগী এখন ১০ চকীয়া ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই আৰু দুখনকৈ যাত্ৰীবাহী অটোক খুন্দা মাৰে। ফলত এখন অটোত থকা এজন যাত্ৰীৰ লগতে চালকৰ মৃত্যু হয়।

নিহত যাত্ৰীগৰাকীৰ নাম ঝোমৰ আলী আৰু চালকজনৰ নাম আব্দুল আজিজ। ইয়াৰে ঝোমৰ আলীৰ ঘৰ বৰকান্দা গাঁৱত আৰু আব্দুলৰ ঘৰ বানিয়ামাৰীত। ইফালে এই ঘটনাত আহত হৈছে আন ৪ জন যাত্ৰী।

আহত আটাইৰে অৱস্থা সংকটজনক। তেওঁলোকক বিলাসীপাৰা চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ১৭ চি ৫৪৮৭ । আনহাতে অটো দুখনৰ নম্বৰ ক্ৰমে এ এছ ১৭ চি ৩০৭৪ আৰু এ এছ ১৭ চি ০৩৯১।

তীব্ৰ বেগী ১০ চকীয়া ট্ৰাকে মহতিয়াই নিলে ২ খনকৈ অটোঃ ২ জন নিহত, ৪ জন আহত
ছাগলী চোৰ কৰিবলৈ আহি নৃশংস ভাৱে হত্যা কৰিলে এজন যুৱকক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in