ৱালিউল ইছলামৰ বিৰুদ্ধে আছিল পূৰ্বেও শিশু, নাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ...

তোলনীয়া কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চিকিৎসক ডাঃ ৱালিউল ইছলামসহ এগৰাকী বনকৰা মহিলা
ৱালিউল ইছলামৰ বিৰুদ্ধে আছিল পূৰ্বেও শিশু, নাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ...

ডিজিটেল ডেস্কঃ তোলনীয়া কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চিকিৎসক ডাঃ ৱালিউল ইছলামসহ এগৰাকী বনকৰা মহিলা ।

বৃহস্পতিবাৰৰ দিনটোত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বাসগৃহৰ পৰা পলন্টন বজাৰ আৰক্ষীয়ে তোলনীয়া কন্যা শিশুটিক চাইল্ড লাইনৰ হাতত গটাই দিয়ে ।

এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে শিশু সুৰক্ষা আয়োগে নিজাববীয়া এক গোচৰ তৰিছে । চিকিৎসক দম্পতীয়ে শিশুকেইটাক অবৈধভাৱে তুলি লোৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে ।

শিশুটিৰ ক্ষেত্ৰত নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ লগ লগেই দম্পতীহালে শিশুকেইটা তুলি লোৱাৰ যাৱতীয় নথি-পত্ৰৰ তথ্য বিচাৰিছে আৰক্ষীয়ে ।

চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বেও শিশু নিৰ্যাতনৰ অভিযোগ আছিল । ২০১৭ চনত উত্থাপিত শিশু নিৰ্যাতনৰ অভিযোগ ।

এই লৈ শিশু সুৰক্ষা আয়োগত উপস্থিত হ’ব লগা হৈছিল অভিযুক্ত চিকিৎসকগৰাকী । ইয়াৰ উপৰিও ডাঃ ৱালিউৰ ইছলামৰ বিৰুদ্ধে পূৰ্বৰ পত্নী আৰু সন্তানক শাৰীৰিক, মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছিল ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত আটক হোৱাৰ পিছতেই ডাঃ ৱালিউৰ ইছলামে আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা চলায় ।

লগে লগেই চিকিৎসকগৰাকীক জি এম চি এইচত ভৰ্তি কৰাই পল্টন বজাৰ আৰক্ষীয়ে । ইতিমধ্যেই অভিযুক্ত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই পলায়ন কৰাৰ খবৰ আহি পৰিছে ।

ৱালিউল ইছলামৰ বিৰুদ্ধে আছিল পূৰ্বেও শিশু, নাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ...
চিকিৎসক ৱালিউল ইছলামসহ বনকৰা মহিলাক গ্ৰেপ্তাৰ, সম্প্ৰতি পলাতক ডাঃ সংগীতা দত্ত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in