চিকিৎসক ৱালিউল ইছলামসহ বনকৰা মহিলাক গ্ৰেপ্তাৰ, সম্প্ৰতি পলাতক ডাঃ সংগীতা দত্ত...

শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল তুলনীয়া কন্যাক নিৰ্যাতন চলোৱাৰ ।
চিকিৎসক ৱালিউল ইছলামসহ বনকৰা মহিলাক গ্ৰেপ্তাৰ, সম্প্ৰতি পলাতক ডাঃ সংগীতা দত্ত...

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল তুলনীয়া কন্যাক নিৰ্যাতন চলোৱাৰ ।

কালিৰ দিনটোত ডাঃ ৱালিউল ইছলামক পল্টনবজাৰ আৰক্ষীয়ে আটক কৰিছিল । আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰিছে চিকিৎসক ডাঃ ৱালিউল ইছলামক । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বনকৰা এগৰাকী মহিলাক । গ্ৰেপ্তাৰ কৰা বনকৰা মহিলাগৰাকীৰ নাম হৈছে লক্ষ্মী নাথ ।

মনোৰোগ বিশেষজ্ঞ তথা ডাঃ ৱালিউল ইছলামৰ অভিযুক্ত পত্নী ডাঃ সংগীতা দত্তই সম্প্রতি পলায়ন কৰিছে । ডাঃ ৱালিউল আৰু লক্ষ্মী নাথৰ বিৰুদ্ধে কেবাটাও গোচৰ ৰুজু কৰা হৈছে । বিয়লি দুয়ো হাজিৰ কৰোৱা হ’ব আদালতত । আৰক্ষীৰে সন্মুখীন হোৱাৰ ভয়ত পলায়ন কৰাৰ সন্দেহ কৰা হৈছে চিকিৎসক ডাঃ সংগীতা দত্তক ।

অভিযোগ অনুসৰি চিকিৎসক দম্পত্তি হালে ৫ বছৰীয়া তুলনীয়া কন্যাক ঘৰৰ ছাদত প্ৰখৰ ৰ'দত বান্ধি চলাই আহিছিল নিৰ্যাতন ।

ইয়াৰোপৰি কন্যা শিশুটিৰ দেহত আছে আঘাতৰ কোব । কালিৰ দিনটোত শিশুটিক নিৰ্যাতন চলোৱাৰ সময়তে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটি উদ্ধাৰৰ কৰি চাইল্ড লাইনৰ হাতত গটাই দিয়ে ।

চিকিৎসক ৱালিউল ইছলামসহ বনকৰা মহিলাক গ্ৰেপ্তাৰ, সম্প্ৰতি পলাতক ডাঃ সংগীতা দত্ত...
তোলনীয়া কন্যাক নিৰ্যাতন চলোৱা ডাঃ ৱালিউল ইছলামৰ আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in