/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a1985c28-87a1-4cd0-b206-d0f2e60cc17d/ravi_sarma.jpg)
ভিষ্টা এডুকেয়াৰৰ বৰ্ষপুৰ্তি অনুষ্ঠানত অভিনেতা ৰবি শৰ্মা
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ অগ্ৰণী কম্পিউটাৰ শিক্ষানুষ্ঠান ভিষ্টা এডুকেয়াৰৰ পঞ্চম বৰ্ষপুৰ্তি অনুষ্ঠান সোমবাৰে অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানত উপস্থিত থাকে অসমীয়া ছবি তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ff289676-3925-4460-a216-24906f9f764a/8b5d4b7d_c2d8_4ef2_8351_f768b5b9d83e.jpg)
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি www.vistaeducare.com নামেৰে এটা অনলাইন পৰ্টেলো মুকলি কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ সুমন অধিকাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক টিটন দাসে কয় যে উত্তৰ পুৰ্বাঞ্চলৰ এইটোৱে প্ৰথম অনলাইন লাৰ্নিং প্লেটফৰ্ম য’ত অতি কম মাচুল দিয়েই অসমীয়া,হিন্দী আৰু ইংৰাজী তিনিওটা ভাষাতেই শিক্ষাৰ্থীসকলে কম্পিউটাৰ শিক্ষা লাভ কৰিব পাৰিব ৷
অনুষ্ঠানত শতাধিক গণ্য মান্য ব্যক্তি উপস্থিত থাকি অনাগত দিনৰ বাবে ভিষ্টা এডুকেয়াৰ লৈ শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8731a94a-c03a-4f9c-9312-6cdb1d1f9771/7db77656_a81b_4907_a428_eb11c28448eb.jpg)
আৰু পঢ়কঃ ভাৰত-ভূটান সীমান্ত এলেকাত চৰকাৰী উন্নয়নমূলক আঁচনিৰ বুজ লবলৈ জিলা প্ৰশাসনৰ বিষয়ববীয়া