/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3f850433-09b2-47d9-a438-b09cd3fda3e7/phe.jpg)
ডিজিটেল সংবাদ, চিৰাং : ভাৰত-ভূটান সীমান্ত এলেকাত চৰকাৰী উন্নয়নমূলক আঁচনিৰ বুজ লবলৈ জিলা প্ৰশাসনৰ বিষয়ববীয়া। দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ নিৰ্দেশমৰ্মে চিৰাং জিলাৰ ভাৰত-ভুটান আন্তৰ্জাতিক সীমান্তৱৰ্তী গাঁৱসমূহত বিভিন্ন উন্নয়নমূলক চৰকাৰী আচঁনি সন্দৰ্ভত হিতাধিকাৰী তথা সাধাৰণ ৰাইজক অৱগত কৰাৰ উদ্দেশ্যৰে চিৰাং জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ এটা দলে পৰিভ্ৰমণ কৰে ।
চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীৰ নেতৃত্বত চিদলী ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওঁগ, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডা০ ৰেহেণা বেগম, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা অপূৰ্ব হাজৰিকা, জিলা উদ্যান শস্য বিভাগৰ হেমন্ত বৰুৱা, বেঙ্ক বিষয়া ৰঞ্জিত নাৰ্জাৰী, সহকাৰী আয়ুক্ত ভাষ্কৰ্য্য ডেকা আৰু চিদলী-চিৰাং উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীৰ এটা দলে ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ হাতিছাৰ দাদগিৰি, দেউশ্ৰী,শান্তিপুৰ এলেকা পৰিদৰ্শন কৰে । তাৰ পিছত দলটোয়ে শান্তিপুৰ ভি চি ডি চি কাৰ্যালয় চৌহদত এখন সজাগতামূলক সভাৰ অনুষ্ঠিত কৰে ।
সভাত বিভিন্ন ভি চি ডি চিৰ সভাপতি,সদস্যসকলৰ উপৰি কিছু হিতাধিকাৰী উপস্থিত থাকে । সভাত জিলাখনৰ বিভাগীয় মুৰব্বী সকলে তেওঁলোকৰ বিভাগৰ উন্নয়নমূলক আঁচনিৰ লগতে চলি থকা কামকাজৰ খতিয়ান দাঙি ধৰে ।
দলটোৱে বিভিন্ন বিভাগৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগ সন্দৰ্ভত মত বিনিময় কৰে বুলি অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d00c400f-3238-4f11-b0d5-cbfd5003f663/2565c269_403c_44a9_b7bb_40e9a85f8ee6.jpg)