ইয়াণ্ডাবু সন্ধিৰ দিনটো 'অসম খিলঞ্জীয়া দিৱস' হিচাপে পালনৰ ঘোষণা বীৰ লাচিত সেনাৰ

ইয়াণ্ডাবু সন্ধিৰ দিনটো 'অসম খিলঞ্জীয়া দিৱস' হিচাপে পালনৰ ঘোষণা বীৰ লাচিত সেনাৰ

ডিজিটেল ডেস্কঃ আজি ২৪ ফেব্ৰুৱাৰী। ১৮২৬ চনৰ আজিৰ দিনটোতেই ম্যানমাৰৰ ইয়াণ্ডাবু নামৰ ঠাইত বৃটিছ আৰু মানৰ মাজত ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰিছিল। সেই উদ্দেশ্যে বীৰ লাচিত সেনাই এক বিবৃতিযোগে আজিৰ এই দিনটো 'অসম খিলঞ্জীয়া দিৱস' হিচাপে কৰাৰ কথা ঘোষণা কৰে।

সংগঠনটোৱে সমগ্ৰ অসমবাসীক দল মত নিৰ্বিশেষে এই দিৱস পালনৰ বাবে আহ্বান জনায়। বীৰ লাচিত সেনাই বিবৃতিটোত উল্লেখ কৰে যে, ইয়াণ্ডাবু সন্ধিয়ে অসম ভূ-খণ্ড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্বাক্ষৰ বহন কৰি আহিছে। অসম, অসমীয়া,অসমবাসী আৰু অসমৰ সকলো খিলঞ্জীয়া জনগণৰ বাবে এই চুক্তিখন গুৰুত্বপূৰ্ণ দলিল।

এই চুক্তিয়ে দুটা গুৰুত্বপূৰ্ণ সত্যক তুলি ধৰে। (ক) ৰাষ্ট্ৰসংঘই নিৰূপন কৰা অনুযায়ী অসমৰ খিলঞ্জীয়া মানুহৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰে। (খ) চুক্তিখনৰ দ্বিতীয় দপত উল্লেখ থকা "Principality of Assam" শব্দাংশই অসম ভূ-খণ্ডৰ ৰাজনৈতিক স্বতন্ত্ৰতাৰ ইতিহাস আৰু ৰাজনৈতিক স্বকীয়তাৰ ঐতিহ্যক তুলি ধৰে।

সেয়েহে সংগঠনটোৱে উল্লেখ কৰে যে এই সত্যই অসম, অসমবাসী ,অসমীয়াৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক চৰিত্ৰক প্ৰভাৱিত কৰে। এই দিন কেৱল মাত্ৰ ঐতিহাসিক দিন নহয়, ই অসমৰ জাতীয় জীৱনৰ স্বাভিমানী অসমীয়া সত্তাৰ আত্মপৰিচয়ৰো দিন।

সেয়েহে সংগঠনটোৱে সমগ্ৰ অসমবাসীক আজিৰ এই দিনটোক "Principality of Assam" আৰু "অসম খিলঞ্জীয়া দিৱস" হিচাপে পালন কৰাৰ বাবে বিবৃতিযোগে আহ্বান জনায়।

ইয়াণ্ডাবু সন্ধিৰ দিনটো 'অসম খিলঞ্জীয়া দিৱস' হিচাপে পালনৰ ঘোষণা বীৰ লাচিত সেনাৰ
ওদালগুৰিত আৰক্ষীৰ গুলিত নিহত এজন ডকাইত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in