/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6314bc60-c37c-4b69-97c7-424df7fcc19e/204.jpg)
লাচিত সংঘৰ উদ্যোগত 'বীৰ লাচিত দিৱস'
ডিজিটেল ডেস্ক : গুৱাহাটী লাচিত সংঘৰ উদ্যোগত অহা ২৪ নৱেম্বৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব 'বীৰ লাচিত দিৱস'। এই কার্যসূচী অনুষ্ঠিত হ'ব চানমাৰিৰ মামণি ৰয়ছম গোস্বামী পথত অৱস্থিত সংঘৰ নিজা চৌহদত।
সংঘৰ সাধাৰণ সম্পাদক মৃণাল পাটোৱাৰীয়ে জনোৱা অনুসৰি সেইদিনা পুৱা ১০ বজাত পতাকা উত্তোলন আৰু বীৰ লাচিতৰ স্থায়ী প্রতিমূর্তিত মাল্যার্পণ কৰা হ'ব। তাৰ পাছতে সম্বর্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/bba0d06e-58e5-4cf7-94d6-da3abaff41cf/9989f8e5_177c_4d99_ad3f_5fed56798523.jpg)
সংঘই এই অনুষ্ঠানতে অসমৰ জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা দুগৰাকী বিশিষ্ট ব্যক্তি ক্রমে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা 'অসমীয়া প্রতিদিন' কাকতৰ সম্পাদক জয়ন্ত বৰুৱা আৰু ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক সম্বৰ্দ্ধনা জনাব। আবেলি ৩ বজাৰপৰা সদৌ গুৱাহাটী ভিত্তিত স্কুলীয়া ছাত্র-ছাত্রী মাজত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/28f651af-edf1-42dc-88cd-720453b886a4/4b799fdf_9759_44fe_b573_3d0722cb9eab.jpg)
সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে চিত্রাংকন প্রতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰিব আয়োজকসকলে।