/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b4147a6a-43fb-45ad-b8d9-74c964ee59b5/203.jpg)
ওদালগুৰিত আয়োজিত স্বাস্থ্য সেৱা উৎসৱৰ সফল সামৰণি
ডিজিটেল সংবাদ,ওৰাং : ওদালগুৰিত ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱৰ বৃহস্পতিবাকে সফলতাৰে সামৰণি পৰে। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁঠনি উন্নীতকৰণ আৰু গুণগত মানসম্পন্ন সেৱা সুনিশ্চিত কৰাৰ লক্ষৰে অসমত স্বাস্থ্য বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e9f30d86-778a-4410-8011-9735cc9d633c/551de370_c737_404f_8946_d9524e171d50.jpg)
২০ ৰ পৰা ২২ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই উৎসৱত জিলাখনৰ ৩২ খন চিকিৎসালয়ৰ মূল্যায়ন কৰা হয়। এখন অসামৰিক চিকিৎসালয়, ৯ খন সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু ২২ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/69c23b87-6916-4b5e-9dcd-ffc4cb04f948/04abaa39_179f_4cb0_a85f_1536914672ae.jpg)
২২ গৰাকী বাহ্যিক মান নিৰ্ধাৰণকাৰী আৰু ৬ গৰাকী আই পি এছ এ চি এছ, এ পি এছ পৰ্যায়ৰ বিষয়াই বাহ্যিক মূল্যায়ক হিচাপে চিকিৎসালয়সমূহৰ মূল্যায়ন কৰে। ২২ নৱেম্বৰত ৰাজাগড় নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,বৰমুকলি নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ভকতপাৰা ৰাজ্যিক ঔষধালয়, ভকেলিকান্দা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বাহ্যিক মূল্যায়কে মূল্যায়ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b6a86d24-bb97-4576-b701-09d927f360ae/067306d4_a71c_4c24_9df7_be2405de3c49.jpg)
লগতে ধনশিৰিঘাট নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,পাউৰিপোতা ৰাজ্যিক ঔষধালয়, বৰোবজাৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,গেৰুৱাবজাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,পশ্চিম পাটলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,বামুণজুলি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,পানিছেলি ৰাজ্যিক ঔষাধালয়,উদমাৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,সাৰেং নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মূল্যায়ন কৰা হয়। স্বাস্থ্য বিভাগৰ এই মূল্যায়ন পদক্ষেপে অদূৰ ভৱিষ্যতে স্বাস্থ্য সেৱা খণ্ডক উন্নয়নৰ উচ্চ শিখৰলৈ লৈ যোৱাত বিশেষ অৰিহণা যোগাব বুলি যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা স্বাস্থ্য সমিতি, ওদালগুৰিয়ে জানিবলৈ দিয়ে।
Also Read: ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশনৰ মুকলি সভাত ৪খন গ্ৰন্থ উন্মোচন