এচিভাৰ এৱাৰ্ডছৰ মঞ্চত মহানুভৱতা প্ৰকাশ পালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰাণীৰ

এনে বিৰল দৃশ্য প্ৰত্যক্ষ কৰি উপস্থিত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে। কাৰ্যতঃ এয়াই হয়তো সুন্দৰৰ পূজাৰীৰ প্ৰতি আদৰ-সন্মান !

author-image
Asomiya Pratidin
New Update
এচিভাৰ এৱাৰ্ডছৰ মঞ্চত মহানুভৱতা প্ৰকাশ পালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰাণীৰ

ডিজিটেল ডেস্ক : সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত আয়োজিত এচিভাৰ এৱাৰ্ডছ- ২৩ৰ মঞ্চত মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে অনুষ্ঠানৰ মুখ্য অতিথি তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে। প্ৰতিবছৰৰ দৰে এই বছৰো নৱবৰ্ষৰ প্ৰথম সপ্তাহ অৰ্থাৎ ৫জানুৱাৰী শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এচিভাৰ এৱাৰ্ডছ ২০২৩ শীৰ্ষক অনুষ্ঠান।

Advertisment

এই অনুষ্ঠানলৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক আৰু বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে কেন্দ্ৰী মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দুয়োগৰাকী অতিথিৰ উপৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ গন্য মান্য ব্যক্তিৰ উপস্থিতিত সমাজলৈ বিশেষভাৱে আগবঢ়োৱা অৱদানৰ বাবে ভালেকেইগৰাকী ব্যক্তি উক্ত মঞ্চতে বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানৰ অংশস্বৰূপে বিভিন্ন শিতানত আয়োজিত বঁটা প্ৰদান কাৰ্য্যসূচীলৈ আন আন বৰণ্য ব্যক্তিৰ লগতে আমন্ত্ৰণ জনোৱা হৈছিল বিশিষ্ট অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য আৰু বিশিষ্ট নাট্যকাৰ,পৰিচালক,গীতিকাৰ তথা বিশিষ্ট অভিনেতা হেমন্ত দত্তক। কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হয় 'সাদিন' বঁটা আৰু হেমন্ত দত্তলৈ আগবঢ়োৱা হয় 'এচিভাৰ কালচাৰ' বঁটা।

দুয়োগৰাকী স্বনামধন্য ব্যক্তিক বঁটা প্ৰদান কৰে মুখ্য অতিথি তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। উল্লেখনীয় যে দুয়োগৰাকী বঁটাপ্ৰাপক শাৰীৰিকভাৱে অসুস্থতাৰ হেতু মঞ্চৰ মধ্যভাগলৈ বঁটা গ্ৰহণ কৰিবলৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছিল।

অৱশ্যে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কৰ্মকৰ্তাই দুয়োগৰাকী বঁটাপ্ৰাপক হাতত ধৰি মূল মঞ্চলৈ আদৰি নিয়ে। কিন্তু মঞ্চৰ মধ্যভাগলৈ লৈ যোৱাৰ দৃশ্য দেখা মাত্ৰেই মুখ্য অতিথিৰ আসনৰ পৰা উঠি আহি বঁটাপ্ৰাপক কুলদা কুমাৰ ভট্টাচাৰ্য আৰু হেমন্ত দত্তৰ কাষলৈ আগুৱাই আহে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। মঞ্চৰ মধ্যভাগ নৌপাওঁতেই দুয়োগৰাকীৰ সুবিধাজনক স্থানত বঁটা প্ৰদান কাৰ্য সম্পন্ন কৰে। এই দৃশ্য প্ৰত্যক্ষ কৰি উপস্থিত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে। কাৰ্যতঃ এয়াই হয়তো সুন্দৰৰ পূজাৰীৰ প্ৰতি আদৰ-সন্মান !

Also Read: এচিভাৰ এৱাৰ্ডছ ২০২৩ঃ কেইবাগৰাকী বৰেণ্য ব্যক্তিলৈ বিশেষ সন্মান

hemanta dutta Kulada Kumar Bhattacharya Smriti Zubin Irani achiever awards