/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f62d485f-01bd-4f64-86bf-b2e8aa9b5b68/AP_FOR_WEB_achiever.jpg)
ডিজিটেল ডেস্কঃ: শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন হয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিবাৰ এৱাৰ্ডছ। এই অনুষ্ঠানতে ৰাজ্যৰ ভাষা, সাহিত্য, কলা-সংস্কৃতি, ক্ৰীড়া, অৰ্থনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা কেইবাগৰাকী বিশিষ্ট, বৰেণ্য ব্যক্তিক 'এচিভাৰ এৱাৰ্ডছ' সন্মানেৰে সন্মানিত কৰে প্রতিষ্ঠান 'সাদিন-প্রতিদিন' গোষ্ঠীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/84dbfc89-f44c-4fb3-a2a5-050e60eb179b/bfb6b3c1_f81b_4187_8494_131158d5ee05.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9ad6319e-1c38-44ee-98d2-e7e0a2bf14f8/d061afa7_a928_4704_b82e_293af70f7c3e.jpg)
বিভিন্ন শিতানত আগবঢ়োৱা সন্মান সমূহ-
-
জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয় নৃত্যাচাৰ্য যতীন গোস্বামীক।
-
জুৰিৰ বিশেষ সন্মান বঁটা- ভাৰতীয় ভলীবল দলৰ প্রাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যলৈ।
-
এচিভাৰ এক্সিলেন্স ইন স্পোৰ্টছ বঁটাঃ এথলীট অম্লান বৰগোহাঁইলৈ
-
এচিভাৰ কোৰ্পাৰেট এক্সিলেন্স বঁটাঃ মহিন্দ্রা এণ্ড মহিন্দ্রাৰ গ্রুপ ষ্ট্রেটেজীৰ কাৰ্যবাহী উপাধ্যক্ষ অমৰজ্যোতি বৰুৱালৈ এই সন্মান
-
এচিভাৰ ছচিয়েল চাৰ্ভিছ বঁটাঃ নাগালেণ্ডৰ সমাজসেৱী অনুষ্ঠান নাগা মাডাৰ্ছ এছ’চিয়েশ্যনলৈ এই সন্মান
-
এচিভাৰ এক্সিলেন্স ইন পাব্লিক চাৰ্ভিছঃ IPS হিবু টামাঙলৈ এই সন্মান। দিল্লী আৰক্ষীৰ নিৰাপত্তা শাখাৰ যুটীয়া আয়ুক্ত IPS হিবু টামাং।
-
এচিভাৰ এনভায়ৰমেন্টঃ শিক্ষাবিদ তথা পৰিৱেশকৰ্মী প্রদীপ কুমাৰ ভূঞালৈ এই সন্মান
-
এচিভাৰ বিচনেছঃ ডাঃ এন এন দত্তলৈ এই বঁটা। ডাউন টাউন গ্রুপৰ প্রতিষ্ঠাপক ডাঃ এন এন দত্ত
-
এচিভাৰ এক্সিলেন্স ইন হেল্থ কেয়াৰঃ ডাঃ বিভাস চন্দ্র গোস্বামীলৈ এই সন্মান।
-
এচিভাৰ চাইন্স এণ্ড ইনোভেশ্যনঃ ড০ ৰুবুল মাউতলৈ এই সন্মান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/97aebb29-3f8a-4d03-8b3a-57f11d922a76/2fa129f1_24d8_45e2_bb7b_bda2b44da0f0.jpg)
-
এচিভাৰ মিউজিকঃ পদ্মশ্রী দুলাল মানকীলৈ এই সন্মান।
-
এচিভাৰ কালচাৰঃ নাট্যকাৰ, পৰিচালক হেমন্ত দত্তলৈ এই সন্মান।
-
এচিভাৰ এক্সিলেন্স ইন আৰ্টঃ চিত্রশিল্পী ননী বৰপূজাৰীলৈ এই সন্মান।
-
সাদিন বঁটাঃ অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যলৈ সাদিন বঁটা
আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। ইয়াৰোপৰি আৰু বহু বিশিষ্ট লোক উপস্থিত থাকে এই অনুষ্ঠানত।
Also Read: এচিভাৰ এৱাৰ্ডছঃ প্ৰতিদিন গোষ্ঠীৰ ৫ গৰাকী সাংবাদিকলৈ ''শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা''