কলাক্ষেত্ৰৰ সন্মুখত একেলগে নেত্ৰদান কৰিব ১৫০ জন ব্যক্তিয়ে...

কলাক্ষেত্ৰৰ সন্মুখত একেলগে নেত্ৰদান কৰিব ১৫০ জন ব্যক্তিয়ে...

author-image
Asomiya Pratidin
New Update
কলাক্ষেত্ৰৰ সন্মুখত একেলগে নেত্ৰদান কৰিব ১৫০ জন ব্যক্তিয়ে...

কলাক্ষেত্ৰৰ সন্মুখত একেলগে নেত্ৰদান কৰিব ১৫০ জন ব্যক্তিয়ে...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ এক অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা সুপ্ৰভাত কলাক্ষেত্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এক সমূহীয়া নেত্ৰদান কাৰ্যসূচী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ পৃষ্ঠপোষকতাত আৰু শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত অহা ৭ মে'ৰ পুৱা ৯-৩০ বজাত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।

Advertisment

এই অনুষ্ঠানতে সুপ্ৰভাত কলাক্ষেত্ৰ সংস্থাৰ সদস্যসকলৰ পৰিয়ালৰ লোককে ধৰি মুঠ ১৫০ জন লোকে একত্ৰিত ভাৱে নেত্ৰদান কৰিব। এই অনুষ্ঠানত শংকৰদেৱ নেত্ৰালয়ৰ অভিজ্ঞ চিকিৎসকৰ এটা দল উপস্থিত থাকি সকলো যাৱতীয় নীতি-নিয়ম সম্পাদন কৰিব।

এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে, সমাজত মৰণোত্তৰ ভাৱে অংগদানৰ প্ৰয়োজনীয়তা আৰু সজাগতা বৃদ্ধি। উল্লেখ্য সুপ্ৰভাত কলাক্ষেত্ৰ এটা চৰকাৰী পঞ্জীয়নভুক্ত সামাজিক, সাংস্কৃতিক অনুস্থান।

এই অনুষ্ঠানটোৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সক্ৰিয় সহযোগত অসমৰ সামাজিক, সাংস্কৃতিক পৰিবেশ সংৰক্ষণ তথা স্বাস্থ্য চর্চাৰ সন্দৰ্ভত বিভিন্ন বিষয়ত বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰি আমাৰ সমাজলৈ যোগাত্মক বাৰ্তা প্ৰেৰণ কৰাৰ বাবে চেষ্টা কৰি আহিছে।

Also Read: অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা যোৰহাটৰ ছাত্ৰীগৰাকীৰ দুই সতীৰ্থকো গ্ৰেপ্তাৰ...

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ নেত্ৰদান সুপ্ৰভাত কলাক্ষেত্ৰ