ৰহাত বিগত পাঁচ দিনে সন্ধানহীন চাৰি বছৰীয়া কন্যা সন্তানৰ মাতৃ...

আৰক্ষী থানাত এজাহাৰ দাখিল

author-image
Asomiya Pratidin
New Update
ৰহাত বিগত পাঁচ দিনে সন্ধানহীন চাৰি বছৰীয়া কন্যা সন্তানৰ মাতৃ...

ৰহাত বিগত পাঁচ দিনে সন্ধানহীন চাৰি বছৰীয়া কন্যা সন্তানৰ মাতৃ...

ডিজিটেল সংবাদ ৰহাঃ বিগত পাঁচ দিন ধৰি সন্ধানহীন হৈ আছে ৰহাৰ দিঘলীআটিৰ এগৰাকী বিবাহিতা মহিলা। ৰহাৰ দিঘলীআটিৰ ৰহিম‍উদ্দিন আলী নামৰ যুৱক জনৰ পত্নী চুলতানা বেগম যোৱা ১৩ মে'ৰ পৰা সন্ধানহীন হৈ আছে।

Advertisment

সন্ধানহীন মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে ১৩ মে'ৰ দিনা তেওঁৰ পত্নী চুলতানা বেগম ঘৰৰ পৰা চিকিৎসালয়লৈ বুলি ওলাই গৈছিল আৰু তেতিয়াৰ পৰাই মহিলাগৰাকী নিৰুদ্দেশ হৈ আছে।মহিলাগৰাকীৰ এটি চাৰিবছৰীয়া কন্যা সন্তানো আছে।

ইপিনে ১৩ তাৰিখৰ পৰা বিভিন্ন স্থানত বিচাৰ,খোচাৰ কৰি নিজ পত্নীক নোপোৱাত ৰহা আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ৰহিম‍উদ্দিন আলীয়ে। আৰক্ষীয়েও বৰ্তমান পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই চাৰি বছৰীয়া সন্তানৰ মাতৃগৰাকীৰ।

ইপিনে চাৰিবছৰীয়া সন্তানটোক লৈ এতিয়া বিপদত পৰিছে মহিলাগৰাকীৰ স্বামী ৰহিম‍উদ্দিন। কোনো সদাশয় ব্যক্তিয়ে তেওঁৰ পত্নীৰ সন্ধান পালে ৭৬৩৫৯ ৩৪৮৬২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৰহিম‍উদ্দিন আলীয়ে।

Also Read: চলন্ত বাছত অগ্নিসংযোগঃ ৮ তীৰ্থ যাত্ৰীৰ মৃত্যু, ২৪ জন আহত...

মহিলা সন্ধানহীন ৰহা