/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1426d424-8cb9-4995-bbb4-3aa6bd2c0459/hatigaon_29.jpg)
হাতীগাঁৱত নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ...
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ হাতীগাওঁস্থিত শেৱালি পথ আৰু সুৰয পথত এছ টি এফে চলোৱা এক অভিযানত দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযানকাৰী লোক দুজনৰ পৰা এছ টি এফে এটা চাধা টেমাৰ পৰা সন্দেহযুক্ত হেৰ'ইনসহো জব্দ কৰা হৈছে।
জব্দ কৰা হেৰ'ইনখিনিৰ পৰিমাণ ১৭.৩ গ্ৰাম। ইয়াৰোপৰি তেওঁলোকৰ পৰা জব্দ কৰা হৈছে চিগাৰেটৰ পেপাৰ, বিভিন্ন ৰঙী ৰেপিং ৰবৰ, এটা মোবাইল ফোন।
অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে আলিপুৰদুৱাৰৰ লিটনজিত দাস আৰু ডিমাপুৰৰ ছানী আচাৰ্যী। আৰক্ষীয়ে তেওঁলোকে ব্যৱহাৰ কৰা এখন স্কুটিও জব্দ কৰিছে।
Also Read: কুৱঁৰীআটিৰ আদৰ্শ গাঁৱৰ বন্যাৰ্ত ৰাইজৰ চকুলো : বোকাৰ মাজত পাতিছে তিলনি