কুৱঁৰীআটিৰ আদৰ্শ গাঁৱৰ বন্যাৰ্ত ৰাইজৰ চকুলো : বোকাৰ মাজত পাতিছে তিলনি

কুৱঁৰীআটিৰ আদৰ্শ গাঁৱৰ বন্যাৰ্ত ৰাইজৰ চকুলো : বোকাৰ মাজত পাতিছে তিলনি

author-image
Asomiya Pratidin
New Update
কুৱঁৰীআটিৰ আদৰ্শ গাঁৱৰ বন্যাৰ্ত ৰাইজৰ চকুলো : বোকাৰ মাজত পাতিছে তিলনি

ডিজিটেল সংবাদ,কামপুৰ : ২৯ মে'ৰ দিনা কপিলীৰ ভগ্ন মথাউৰিৰে নিমিষতে হুৰাহুৰে পানী সোমাই কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৱঁৰীআটি আদৰ্শ গাঁৱক প্লাৱিত কৰিছিল। আজি এমাহ ধৰি গাঁৱৰ মাথাউৰিতে আশ্ৰয় লৈ আছে ৩০ ঘৰকৈ লোক।

Advertisment

এতিয়া পানী শুকাইছে যদিও ঘৰলৈ উভতিব পৰা নাই বন্যাৰ্ত লোকসকল। কাৰণ বহুতৰে ঘৰৰ মজিয়া এতিয়াও শুকোৱা নাই। বহুতৰে চোতালৰ পৰা এতিয়াও পানী শুকাই যোৱা নাই।

গাঁৱৰ একমাত্ৰ নামঘৰটো এমাহ ধৰি বন্তি প্ৰজ্বলন কৰিব পৰা নাই। বানৰ কবলত পৰা নামঘৰটোৰ মজিয়া এতিয়া বালিৰে পুতি থৈছে। বেৰবোৰো ভাঙি উৱলি গৈছে।

এন ঘটনাৰ মাজতে এটি কৰুণ দৃশ্যই আৱেগিক কৰিলে প্ৰত্যক্ষদৰ্শীক। মাথাউৰিৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা অৱস্থাতে ৰে'লৰ চেপাত মৃত্যু হোৱা এজন যুৱকৰ তিলনিৰ ধৰ্মীয় কামবোৰ কৰিব লগা হ'ল বোকাৰে পৰিপূৰ্ণ চোতালত।

  User
User

ইমান দুখ যন্ত্ৰণাৰ মাজত মাথাউৰিৰ ওপৰত বিগত এটা মাহে দিন অতিবাহিত কৰা লোক সকলৰ কাষত জনপ্ৰতিনিধি উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।চৰকাৰী সাহাৰ্য নামত কেইটামান চাউল দাইল দি দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে।

ৰাইজৰ অভিযোগ- তেওঁলোকক খাবলৈ দিয়া চাউল-দাইলতকৈ গাঁৱৰ ভগ্ন মথাউৰিটো শীঘ্ৰে মেৰামতি কৰক।

Also Read: উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি

FLOOD ASSAM kampur