"মামা আমাক স্কুটি লাগে, আমাৰ প্ৰাপ্য আমাক দিবই লাগিব..."

"মামা আমাক স্কুটি লাগে, আমাৰ প্ৰাপ্য আমাক দিবই লাগিব, আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত নকৰিব ৷"

author-image
Asomiya Pratidin
New Update
"মামা আমাক স্কুটি লাগে, আমাৰ প্ৰাপ্য আমাক দিবই লাগিব..."

ডিজিটেল সংবাদ, মুছলপুৰ : "মামা আমাক স্কুটি লাগে, আমাৰ প্ৰাপ্য আমাক দিবই লাগিব, আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত নকৰিব ৷" বুধবাৰে এনেদৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত একাংশ ছাত্ৰীয়ে স্কুটি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে বিগত দিনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিছিল ৷ কিন্তু ২০২২ বৰ্ষত উত্তীৰ্ণ ছাত্ৰীসকলৰ কিছু সংখ্যকক স্কুটি প্ৰদান কৰি আন একাংশক আজিলৈকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে স্কুটি প্ৰদান কৰা নাই ৷

যাৰ বাবে স্কুটি বঞ্চিত বাক্সা জিলাৰ আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা দি উত্তীৰ্ণ একাংশ ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে স্কুটি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰীসকলে মুছলপুৰত একত্ৰিত হৈ মামা আমাক স্কুটি লাগে, আমাক স্কুটি লাগিবই, আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ, আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত নকৰিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তেওঁলোকক স্কুটি দিবলৈ দাবী জনায় ৷

Also Read: মানসিকভাৱে অসুস্থ পিতৃ,বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়ালে কন্যাই

mushalpur scooty