/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/4djvdscb/madhupur-12.jpg)
মধুপুৰ সত্ৰত গুৰুজনাৰ জন্ম জয়ন্তী পালন...
ডিজিটেল সংবাদ ধুবুৰী: জগত গুৰু শ্ৰীমন্ত শংৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনযোৰা বিস্তৃত কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী পালন কৰা হয়। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত জনোৱা মতে, ৰাতিপুৱা ৬ বজাত প্ৰভাতী গীতাঞ্জলিৰে জন্ম জয়ন্তীৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/9cx71cfl/0fcb9143-503a-4b6c-8557-1ce371cc86ac.jpg)
ৰাতিপুৱা ৯ বজাত মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত আৰু ড০ কেৱশচন্দ্ৰ দাসৰ নেতৃত্বত মধুপুৰ সত্ৰ চৌহদৰ পৰা এক বৰ্ণাঢ্য ভাগৱৎ শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত কোচবিহাৰ আৰু মধুপুৰ অঞ্চলৰ গুৰুজনাৰ আদৰ্শত বিশ্বাসী শতাধিক বংগ ভাষী ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰি উত্তৰবংগৰ আকাশ-বতাহ গুৰুজনাৰ সৃষ্টিৰ অমিয়া সুৰেৰে মুখৰিত কৰি তোলে।
ৰাতিপুৱা ১১ বজাত ভাগৱৎ পাঠ আৰু ২ বজাত ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। এই ধৰ্মালোচনী সভাত কোচবিহাৰৰ কেইবাগৰাকীও বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰে। আবেলি ৪ বজাত আৰু পুৰুষ আৰু আয়তিসকলৰ থিয় নাম অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/jw4gofvf/ca60cb33-342a-4257-9de5-a2be4a21cc09.jpg)
সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনেৰে জন্ম জয়ন্তীৰ সামৰণি মৰা হয়। জন্ম জয়ন্তীৰ এই কাৰ্য্যসূচীত উত্তৰবংগৰ ভকত-বৈষ্ণৱৰ উপৰিও অসমৰ সত্ৰশাল, জিনকাটা সত্ৰৰ ভকত-বৈষ্ণৱৰ লগতে কাৰ্বি-আংলং, বৰপেটা আৰু গুৱাহাটীৰ ভকত-বৈষ্ণৱেও অংশ গ্ৰহণ কৰে।