/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/aa0687c2-00be-47b1-bed3-c389024ff2cf/7.jpg)
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ'ল ট্ৰেণ্ডছ প্ৰতিদিন টাইমৰ টেলেণ্ট হাণ্ট ছিজন-২ৰ ফলাফল। ডিব্ৰুগড়, যোৰহাট, নগাঁও আৰু বঙাইগাঁৱত অনুষ্ঠিত হৈছিল ট্রেগুছ প্রতিদিন টেলেন্ট হান্ট ছিজন- ২ প্রতিযোগিতাৰ। ট্রেগুছ আৰু প্ৰতিদিন টাইম গোষ্ঠীয়ে আয়োজন কৰা এই প্রতিভাসন্ধানী প্রতিযোগিতা নৃত্য, গীত, অভিনয় আৰু বাদ্য বাদন আদি শিতানত অনুষ্ঠিত কৰা হৈছিল।
এই প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত আছিল জনপ্রিয় সংগীত শিল্পী ৰূপম ভূঞা, অভিনেত্রী নিশিতা গোস্বামী আৰু নৃত্য শিল্পী মেঘৰঞ্জনী মেধি। সৰ্বমুঠ চাৰিটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই প্রতিযোগিতাত ১০গৰাকী প্রতিযোগী চূড়ান্ত পর্যায়লৈ আহে।
যোৱা ১০ নৱেম্বৰত কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ'ত অনুষ্ঠিত হোৱা ফাইনেল ৰাউণ্ডত বিচাৰকৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ অভিনেত্রী তথা নৃত্যশিল্পী মাধুৰীমা চৌধুৰী।
দৰ্শকৰ ভোটৰ দ্বাৰা এই বৰ্ষৰ বিজয়ীৰ খিতাপ দখল কৰে কাৰ্বি আংলঙৰ নৃত্য দল ডি কে ক্রিঅ'ক। আনহাতে প্রথম ৰানাৰ্ছ আপৰ শিৰোনাম দখল কৰে ৰামদিয়াৰ ছাত্রী কণ্ঠশিল্পী গৰিমা বেজবৰুৱাই আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ শিৰোনাম দখল কৰে নগাঁৱৰ নৃত্য দল ডি সূত্রাচে।
বিজয়ীৰ খিতাপ দখল কৰি কাৰ্বি আংলঙৰ ডি কে ক্রিঅ'ক নৃত্য দলে লাভ কৰে নগদ ২ লাখ টকাৰ চেক আৰু ট্ৰফী। ইয়াৰ বিপৰীতে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল কৰা গৰিমা বেজবৰুৱা আৰু ডি সূত্রাচে নৃত্য দলে লাভ কৰে ক্ৰমে ১ লাখ টকাৰ চেক আৰু টুফী আৰু নগদ ৫০ হাজাৰ টকা আৰু ট্ৰফী।
আনহাতে বাকী শীর্ষ ১০গৰাকী প্রতিযোগীক আগবঢ়োৱা হয় একোখনকৈ মানপত্ৰ আৰু একোটিকে ট্ৰফী। সমগ্র অনুষ্ঠানটিত প্রতিযোগীক উৎসাহ যোগাবলৈ উপস্থিত থাকে সাদিন-প্রতিদিন গোষ্ঠীৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী। অনুষ্ঠানৰ আঁত ধৰে জনপ্ৰিয় অভিনেত্রী অমৃতা গগৈয়ে।
Also Read: হাজোত ৬ মহীয়া দেৱশিশু চুৰি : আৰক্ষীৰ জালত জেঠায়েক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us