
ডিজিটেল ডেস্ক : অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকৰ প্ৰশিক্ষণ কৰ্মশালা আৰম্ভণি অনুষ্ঠানত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকে। বৃহস্পতিবাৰে খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকৰ ব্যৱস্থাপনাত বিভাগীয় নিৰ্বাচিত কৰ্মচাৰীসকলৰ এক বিশেষ এদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়।
উল্লেখ্য যে,বিগত সময়ত 'প্ৰি-মেট্ৰিক' আৰু 'প'ষ্ট-মেট্ৰিক' এই দুটা শাখাত ভাৰত চৰকাৰে আগবঢ়াই অহা জলপানি আবেদন কৰাৰ সংখ্যাৰ ফালৰ পৰা অসম যথেষ্ট পিছ পৰি আছিল। সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছতে মন্ত্ৰী পীযুষ হাজৰীকাৰ এই বিষয়টো দৃষ্টিগোচৰ হৈছিল আৰু বিভাগক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছিল।
বিভাগীয় পৰ্যালোচনাত মন্ত্ৰী হাজৰীকাই উপলব্ধি কৰিছিল যে কাৰীকৰি সমস্যাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় প'ৰ্টেলত জলপানিৰ বাবে আবেদন কৰিবলৈ সক্ষম নহয় । এই অসুবিধা দূৰ কৰিবৰ বাবে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় কাৰিকৰী সহায় কৰিবলৈ বিভাগীয়ভাৱে একাংশ কৰ্মচাৰীক 'ফেচিলিটেতৰ' হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল । আজি এইসকল কৰ্মচাৰীক বিভাগীয়ভাৱে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে ।
মন্ত্ৰী হাজৰীকাই কৰ্মশালাৰ আৰম্ভণিত উপস্থিত থাকি কৰ্মচাৰীসকলক উদ্দেশ্যি কয়- 'আমাৰ ৰাজ্যৰ অনুসূচিত জাতি, জনজাতি আৰু অনান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মুঠ সংখ্যাৰ বহু কম সংখ্যকেহে ৰাষ্ট্ৰীয় প'ৰ্টেলত জলপানিৰ বাবে আবেদন কৰে । শতাংশৰ ফালৰ পৰা ১৫ ৰ পৰা ৩০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে আবেদন কৰে ।
ইয়াৰ মূলতে একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত কাৰীকৰি সুবিধা আৰু প্ৰয়োজনীয় সজাগতাৰ অভাৱ' বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কৰ্মচাৰীসকলক এই ক্ষেত্ৰত সহায়ক হিচাবে কাম কৰিবলৈ আহ্বান জনায় ।
নিৰ্দিষ্ট সময়ৰ ভিতৰত যোগ্য সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে ৰাষ্ট্ৰীয় প'ৰ্টেলত আবেদন কৰিবলৈ সক্ষম হয় সেয়া সুনিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে তেওঁলোকক 'মিচ্যন মোড'ত কাম কৰিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিগত বৰ্ষত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা জলপানিৰ মুঠ পৰিমাণ আছিল প্ৰায় ১৩২ কোটি টকা, এইবাৰ এই টকাৰ পৰিমাণ যাতে বৃদ্ধি হৈ প্ৰায় ৩০০কোটি পৰ্যন্ত হ'ব পাৰে তাৰ বাবে সকলো যোগ্য ছাত্ৰ-ছাত্ৰীয়েই যাতে জলপানি আবেদন কৰিব পাৰে সেয়া আমি নিশ্চিত কৰিব লাগিব।
আজিৰ এই অনুষ্ঠানত সামাজিক ন্যায় আৰু সৱলীকৰণ, জনজাতি পৰিক্ৰমা (সমতল) বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু, অনুসূচিত জাতি আৰু পিছপৰা জাতি কল্যাণৰ সঞ্চালক ড° কুলশ্ৰী নাথ, জনজাতি পৰিক্ৰমা (সমতল)ৰ সঞ্চালক ভৱানী প্ৰসাদ শৰ্মা আৰু বিভাগৰ আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল।