ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: একাধিক বঁটাৰে জিলিকিল 'অনুৰ'

ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: একাধিক বঁটাৰে জিলিকিল 'অনুৰ'
ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: একাধিক বঁটাৰে জিলিকিল 'অনুৰ'

ডিজিটেল ডেস্ক : আজি ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰখনক সামৰি প্ৰতিবছৰে প্ৰদান কৰি অহা এই বঁটা কেইটাবাও শিতানত প্ৰদান কৰা হৈছে। শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰীকে ধৰি অন্যান্য কলা-কুশলীক সামৰি প্ৰতিটো শিতানতে প্ৰদান কৰা এই বঁটা এইবাৰ অসমৰ কেইবাজনো কলা-কুশলীয়ে লাভ কৰিবলৈ সক্ষম হৈছে।

বৃহস্পতিবাৰে বিয়লি ঘোষণা কৰা হয় ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত জিলিকি একাধিক অসমীয়া ছবিয়ে বঁটা লাভ কৰিবলৈ সক্ষম হয়। আঞ্চলিক ভাষাৰ শিতানত জিলিকিল অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে নিৰ্মিত তথা মঞ্জুল বৰা পৰিচালিত 'অনুৰ' কথাছবিখন।

এই ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। লগতে 'অনুৰ'ৰ কাহিনী চিত্র শিতানত অভিনেত্ৰী জাহানাৰা বেগমলৈ বিচাৰকৰ বিশেষ স্বীকৃতি প্ৰদান কৰা হয়। আনহাতে সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰীমা বৰাৰ দ্বাৰা পৰিচালিত আৰু অসম চলচ্চিত্ৰ নিগম লিমেটডৰ দ্বাৰা পৰিচালিত 'অনুনাদ'লৈ শ্ৰেষ্ঠ ছবিৰ বঁটা প্ৰদান কৰা হৈছে।

ইফালে অকাহিনী চিত্র শিতানত কৃপাল কলিতাৰ ‘হাতীবন্ধু’লৈ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হয় ‘শ্রেষ্ঠ ভইচ অ’ভাৰৰ’ বঁটা।

নৃতত্ব বিভাগত প্রণৱজ্যোতি ডেকা পৰিচালিত ‘ফায়াৰ অন এজ’ নামৰ ছবিখনে শ্রেষ্ঠ তিৱা ভাষাৰ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। আঞ্চলিক ভাষাৰ শিতানত মিচিং ভাষাৰ শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰে বিশ্বজিৎ‍ বৰাৰ ‘বুম্বা ৰাইডছে’।

আনহাতে ইতিমধ্যে 'নাটো নাটো' শীৰ্ষক গীতৰ বাবে অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এছ এছ ৰাজামৌলিৰ দ্বাৰা পৰিচালিত আৰু এন টি আৰ জুনিয়ৰ আৰু ৰামচৰণ অভিনীত চলচ্চিত্ৰ 'আৰ আৰ আৰ'-এ কেইবাটও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। চিনেমাখনে লাভ কৰিছে কাৰিকৰী শিতানৰ কেইবাটাও বঁটা। ইয়াৰোপৰি লাভ কৰিছে শ্রেষ্ঠ এক্সন পৰিচালনাৰ বঁটা আৰু শ্রেষ্ঠ কৰিঅ’গ্রাফাৰৰ বঁটা।

ইফালে শ্রেষ্ঠ হিন্দী ছবিৰ বঁটা লাভ কৰে ‘চৰ্দাৰ উধাম’ নাম চলচ্চিত্ৰখনে। ছবিগৃহত কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাৰ লগতে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা 'পুষ্পা দ্যা ৰাইজ'ৰ বাবে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।

শ্রেষ্ঠ অভিনেত্রীৰ শিতানত বলিউডৰ দুগৰাকীকৈ অভিনেত্ৰীয়ে যুটীয়াভাৱে লাভ কৰিছে এই বঁটা। 'গাংগুবাঈ কাঠিয়াৱাড়ি'ত কৰা অভিনয়ৰ বাবে আলিয়া ভাট আৰু 'মিমি' ছবিখনত কৰা অভিনয়ৰ বাবে কৃতী ছাননে লাভ কৰিছে এই বঁটা।

ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: একাধিক বঁটাৰে জিলিকিল 'অনুৰ'
নকছাৰী মহাবিদ্যালয়ত কাব্য গ্ৰন্থ 'প্ৰজন্মৰ বাবে' উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in