অম্বুবাচী মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

অম্বুবাচী মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

author-image
Asomiya Pratidin
New Update
অম্বুবাচী মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

ডিজিটেল ডেস্কঃ আজি কামাখ্যা ৰে'লৱে ষ্টেচনত অনুষ্ঠিত এক অনুষ্ঠানত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অম্বুবাচী মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে সকলো গুৱাহটী চহৰত আহি উপস্থিত হোৱা সকলো দেশী-বিদেশী ভক্তগণক অম্বুবাচী মেলালৈ আদৰণি জনায়। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী বৰুৱাই আশ্বাস প্ৰ্দান কৰি কয় যে, "সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা সংশ্লিষ্ট সকলো বিভাগে কৰিছে আৰু আনকি দলৈ সমাজেও সকলো সিদ্ধান্তত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।"

Advertisment

বৃহস্পতিবাৰে উদ্বোধনী অনুষ্ঠানত এংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ সিদ্ধান্তক পুনৰবাৰ উল্লেখ কৰি কয় যে "নিশা ৯ বজাৰ পিছত কোনো লোক মন্দিৰলৈ উঠিব নোৱাৰিব । কিন্তু ৯ বজাৰ আগত মন্দিৰলৈ উঠি যোৱা তীৰ্থযাত্ৰীয়ে মাজনিশা পাহাৰৰ তললৈ নামিব পাৰিব ।"

২৬ জুনত দেৱালয়ৰ দুৱাৰ খোলাৰ সময়ত ভিআইপি দৰ্শন নহ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজি সন্ধিয়া একেটা অনুষ্ঠানৰ পৰা কামাখ্যা ৰে'লৱে ষ্টেচনৰ পৰা পাণ্ডু বন্দৰ শিবিৰলৈ বাছ সেৱাও মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানিক ভাৱে মুকলি কৰে ।

Also Read: মিছা বঁটাটো কিনিব পাৰি, মই মিছা বঁটা জীৱনত লৈ নাপালো-ৰবি শৰ্মা

Jayant Mallabaruah ambubachi mela