মিছা বঁটাটো কিনিব পাৰি, মই মিছা বঁটা জীৱনত লৈ নাপালো-ৰবি শৰ্মা

মিছা বঁটাটো কিনিব পাৰি, মই মিছা বঁটা জীৱনত লৈ নাপালো-ৰবি শৰ্মা

ডিজিটেল সংবাদ, নলবাৰীঃ সাংবাদিক-সাহিত্যিকৰ ঐক্য মঞ্চ "গণকণ্ঠ"ৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ ৰূপালী জয়ন্তীৰ সামৰণি বৰ্ষৰ অনুষ্ঠানত বুধবাৰে নিশা অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক 'গণকণ্ঠ'ই ঘোষণা কৰা ৰাজ্যিক বঁটা সমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। নলবাৰীৰ বালিলেচা শ্ৰীশ্ৰী কালী দেৱালয় প্ৰাংগণত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত "গণকণ্ঠ"ই ২০২৩ বৰ্ষৰ বাবে ৰাজ্যিক 'সংবাদ তৰা' বঁটা বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াক প্ৰদান কৰে। সাংবাদিক গৰাকীক উক্ত বঁটা,মানপত্ৰ আৰু চেক প্ৰদান কৰে নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালৰ অধ্যক্ষ তথা বিশিষ্ট সমাজসেৱক গণেশ তামুলীয়ে।

'গণকণ্ঠ'ৰ সভাপতি দিলীপ কুমাৰ নাথে আদৰণি ভাষণ ৰখা আৰু সম্পাদক সুনীল কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত অসমৰ বিশিষ্ট অভিনেতা ৰবি শৰ্মাক 'গণশিল্পী' বঁটা, অসমৰ বিশিষ্ট গৱেষক পণ্ডিত ডঃ হৰিচৰণ দাসক 'বনবন্ধু' বঁটা, বিশিষ্ট সমাজকৰ্মী খাইৰুল ইছলামক 'সমাজ বন্ধু' বঁটা আৰু 'অসম টাইম'ৰ পৰিচালন সঞ্চালক এম মহিবৰ ৰহমানক 'জিলা সাংবাদিক' বঁটা প্ৰদান কৰা হয়। আটাইকেইজনকে বঁটা, মানপত্ৰ আৰু চেক প্ৰদান কৰে নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলী আৰু গণকণ্ঠ'ৰ সভাপতি দিলীপ কুমাৰ নাথে।

অনুষ্ঠানত 'সংবাদ তৰা' বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই ভাষণত কয় যে, "চলিত বৰ্ষত মই যি কেইবাটাও বঁটা বা সন্মান পাইছো অসমৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মৰম আৰু ভালপোৱা শিৰৰ নিৰ্মালী হিচাপে গ্ৰহণ কৰিছো। মই চাৰিটা কাৰণত আজিৰ বঁটাতো ল'বলৈ আহিছো। প্ৰথম কথা গণকণ্ঠ সাংবাদিক-সাহিত্যিকৰ অনুষ্ঠান, দ্বিতীয় অসমৰ এগৰাকী বৰেণ্য ব্যক্তি বিষ্ণু ৰাভাৰ নামত অনুষ্ঠিত অনুষ্ঠান, তৃতীয় মোৰ লগতে চাৰি গৰাকী বিশেষ ব্যক্তিক একেলগে বঁটা প্ৰদান কৰা আৰু চতুৰ্থ কাৰণ অসমৰ অন্যতম ধাৰ্মিক-আধ্যাত্মিক অনুষ্ঠান বালিলেচা কালী দেৱালয় মন্দিৰত অনুষ্ঠানটো হোৱা বাবে।"

তেওঁ আৰু কয় যে, "মই এটা কথাই ভাবো কৰবাত যদি সমাজ খনৰ, জাতিটোৰ আৰু দেশখনৰ কাৰণে কিবা সামান্যতম হলেও অৱদান আগবঢ়াৱ পাৰো। তেতিয়াহে এই ধৰালৈ অহাৰ সাৰ্থকতা থাকিৱ। খাই বয় জীয়াই থাকি, ধন-ঐশ্বৰ্যৰ মাজত জীৱন কটাই সুখ আনন্দ লৱ বিচৰা ব্যক্তি মই নহয়। মই মানুহৰ কাৰণে জন্মিছো মানুহৰ মাজতে থাকিৱ বিচাৰো আৰু মানুহৰ কাৰণে কিবা এটা কৰিৱ বিচাৰো। মোক আপোনালোকে যি সামান্যতম স্বীকৃতি বা মৰম দিয়াৰ প্ৰয়োজন বোধ কৰিছে সেয়াই মোৰ কাৰণে সাৰ্থকতা।"

লগতে মুখ্য সম্পাদকগৰাকীয়ে কয়, "মই বঁটা বাহন পাৱ পৰাকৈ এতিয়াও সেই পৰ্যায়ত কাম কৰা নাই । বঁটা বাহনৰ পৰ্যায় পাবলৈ বহুত দূৰ বাকী আছে। তথাপিও আপোনালোকৰ উৎসাহ, প্ৰেৰণা, আশীৰ্বাদ, সাহসৰ বাবে এইখিনি পৰ্যায়লৈ অহা বুলি দোহাৰে।" তেওঁ যিদিনালৈ জীয়াই থাকিৱ সিদিনালৈ জাতিটোক আৰু অসম খনক অন্যায় নকৰাৰ লগতে নঠগাই বুলি কোৱাৰ উপৰি এই বঁটা, ভালপোৱাই যাতে আগন্তুক দিনত ক'তো যাতে অহংকাৰ নানে, সদায় যাতে এটা সাধাৰণ জীৱন কটাৱ পাৰো, সাংবাদিকতাও কতো দাগ নলগোৱাকৈ যাতে কৰিব পাৰো তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰে।

ইফালে 'গণশিল্পী' বঁটালৈ বিশিষ্ট অভিনেতা ৰবী শৰ্মাই কয় যে, "ভাল মানুহ বিলাকে বেছি লাগি নাথাকে। অলপ হলেই হয়। কিন্তু ভাল মানুহে স্বীকৃতি বিচাৰে। মোৰো সেই চিন্তাধাৰা। কাম কৰি গৈছো আপোনালোকৰ পৰা স্বীকৃতি আৰু মৰম লাভ কৰিছো।" তেওঁ বৰ্তমান সমাজত এটা সঁচা বঁটা আৰু এটা মিছা বঁটা আছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, "মিছা বঁটাটো কিনিৱ পাৰি। এচামে মিছা বঁটা কিনি সমাজত ডাঙৰ মানুহ বুলি জহাই আছে। কিন্তু সমাজে সেই সকলক ইতিমধ্যে চিনাক্ত কৰিছে। মই মিছা বঁটা জীৱনত লৈ নাপালো। যদি দহজন মানুহৰ এখন সমাজে মৰম যাচে তাক নতশিৰে আৰু আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো। যুৱ প্ৰজন্ম, নৱ-প্ৰজন্মৰ মাজত কাম কৰি বহুত উৎসাহিত হয় বুলি ব্যক্ত কৰি তেওঁ আৰু কয় অসমীয়া চলচিত্ৰ উদ্যোগটো এনেকুৱা পৰ্যায়লৈ লৈ যোৱাৰ চেষ্টা কৰিম য'ত মাক, দেউতাকে লৰা-ছোৱালীক ডাক্তৰ-ইঞ্জিনিয়াৰ বনোৱাৰ আগ্ৰহৰ বিপৰীতে অভিনেতা, কেমেৰামেন আৰু চাউণ্ড ইঞ্চিনিয়াৰ বনোৱাৰ প্ৰতিহে আগ্ৰহ জন্মে।

তেওঁ আগলৈ আৰু ভাল কাম কৰি যাবলৈ আজিৰ সন্মানে বহু অনুপ্ৰানিত আৰু সাহস যোগালে বুলি কৈ পৃথিৱীত লাখ লাখ মানুহ থাকিলেও কাষত থকা দুইশ মানুহে বহুত গুৰুত্বপূৰ্ণ বুলি অভিনেতা গৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত 'বনবন্ধু' বঁটা লাভ কৰা বিশিষ্ট গৱেষক পণ্ডিত ডঃ হৰিচন দাস আৰু জিলা সাংবাদিক বঁটা প্ৰাপক অসম টাইমৰ পৰিচালন সঞ্চালক এম মহিবৰ ৰহমানেও ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত সমাজত বিভিন্ন কৰ্ম ক্ষেত্ৰৰ সৈতে জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক চেলেং, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সাংবাদিক বঁটা প্ৰদান অনুষ্ঠানৰ পিছতে নিশা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কেবাগৰাকীও অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পীয়ে গীত পৰিবেশন কৰে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় ৰাভা দিৱসৰ ৰূপালী জয়ন্তী সামৰণি বৰ্ষৰ প্ৰথম দিনা অৰ্থাৎ ২০ জুনত ৰাতিপুৱাৰ ভাগত গণকণ্ঠৰ পতাকা উত্তোলন, শ্বহিদ তৰ্পন, বন্তি প্ৰজ্জ্বলন, বিষ্ণু ৰাভাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পন, ভেশচন প্ৰতিযোগিতা আদি কাৰ্যসূচী অনুষ্ঠিত হয়।

মিছা বঁটাটো কিনিব পাৰি, মই মিছা বঁটা জীৱনত লৈ নাপালো-ৰবি শৰ্মা
ডকমকাত অসম গণ পৰিষদৰ সাংগঠনিক সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in