/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/cde648f3-5614-4e4d-bb40-e39250aa258f/TMC.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তি চুক্তিক অৰ্থহীন আখ্যা দিছে অসম তৃণমূল কংগ্ৰেছে। দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কেৱল ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ৰাজনৈতিক মুনাফা আদায় কৰি সীমান্তৱৰ্তী ৰাইজৰ ভোট লাভৰ অংকৰে নিয়ম-নীতি নোহোৱাকৈ অৰুণাচল প্ৰদেশৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সীমা বিবাদ নিষ্পত্তিৰ ভুৱা প্ৰচাৰত লিপ্ত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।
দিলীপ কুমাৰ শৰ্মাই লগতে কয়, 'অসম বিধানসভাত সীমান্ত অঞ্চল উন্নয়ন মন্ত্ৰী অতুল বৰাই তথ্য দাখিল কৰি মুঠ ৮২ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ডে বেদখল কৰি থকা বুলি মন্তব্য দিছিল। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশে ১৬,১৪৪.০১ হেক্টৰ ভূমি বেদখল কৰি আছে। এতিয়া আমাৰ প্ৰশ্ন কালিৰ তথাকথিত ঐতিহাসিক চুক্তিৰে অসমে অৰুণাচলৰ দ্বাৰা বেদখলকৃত কিমান ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল? কাৰণ বিবাদ নিষ্পত্তি হোৱা বুলি দাবী কৰা ৭১ খন গাঁৱৰ ৬০ খন দিয়া হ'ল অৰুণাচলক। অসমে মাত্ৰ লাভ কৰিলে ১১ খন। মুখ্য মন্ত্ৰীয়ে হেক্টৰৰ হিচাপৰ পৰিৱৰ্তে গাঁৱৰ সংখ্যাহে কিয় প্ৰকাশ কৰিলে? ইয়াতেই চুক্তিৰ আঁৰৰ উদ্দেশ্যৰ দিশটো ওলাই পৰে।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/eaeb363c-18d4-4977-93a0-b2c9c70e2da6/WhatsApp_Image_2023_04_21_at_8_10_04_PM.jpeg)
আনহাতে এই চুক্তিৰে একো বিবাদ নিষ্পত্তি হোৱা নাই বুলি মন্তব্য কৰি দিলীপ কুমাৰ শৰ্মাই সংবাদমেলত কিছু কাৰিকৰী দিশৰ কথাও দাঙি ধৰে। তেওঁ কয়, 'দিল্লীত বহি দুই ৰাজ্যৰ নেতাই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিলেই বাস্তৱত একো সমাধান নহয়। ইয়াৰ বাবে ভাৰতীয় সংবিধানত থকা ৰাজ্যসমূহৰ মানচিত্ৰৰ লগতে 'চাৰ্ভে অৱ ইণ্ডিয়া' ৰ মানচিত্ৰত এই বিষয়ৰ সংশোধন হ'ব লাগিব। এয়া কৰিবলৈ কেন্দ্ৰই সংসদত সংবিধান সংশোধনী প্ৰস্তাৱ গৃহীত কৰাব লাগিব। এয়া তেতিয়াহে সম্ভৱ যেতিয়া নিৰ্দিষ্ট ৰাজ্যখনে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে সৰ্বদলীয় প্ৰতিনিধি দল বিবাদমান এলেকাসমূহলৈ প্ৰেৰণ কৰি প্ৰকৃত অৱস্হাৰ বুজ লোৱাৰ ব্যৱস্থা কৰিব লাগে। অসম চৰকাৰে এইবোৰতো একো কৰা নাই। তেন্তে ওপৰে ওপৰে কৰা চুক্তিৰে কেনেকৈ বিবাদ নিষ্পত্তি হ'ব?'
লগতে অৰুণাচলে দাবী কৰিলেই ভূমি কিয় এৰি দিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্নৰ কাঠগড়াত থিয় কৰায় অসম তৃণমূল কংগ্ৰেছৰ নেতাজনে। 'যদি অৰুণাচল চৰকাৰে আমাৰ ভূমি এৰি দিবলৈ ৰাজী নহয়, তেন্তে অসম চৰকাৰ উচ্চতম ন্যায়ালয়লৈ যাব লাগিছিল। মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ আমি সকলোৱে মানি ল'ম,' বুলি শৰ্মাই মন্তব্য কৰে। শৰ্মাই লগতে চুবুৰীয়া ৰাজ্যৰ দ্বাৰা বেদখলকৃত ভূমি উদ্ধাৰ কৰিহে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ দাবী জনায়।
কোনোবাই ক'লেই আমাৰ ভূমি এৰি দিয়াটো কোনোপধ্যেই মানি লোৱা নহ'ব বুলি তেওঁ সকীয়নি প্ৰদান কৰে। আনহাতে সীমান্ত অঞ্চল উন্নয়নৰ বাবে এগৰাকী মন্ত্ৰীৰ অধীনত এটা বিয়াগোম বিভাগ থকাৰ পাছতো সীমান্তবাসী ৰাইজৰ সমস্যাসমূহৰ সমাধানৰ বাবে অসম চৰকাৰে একো নকৰাৰ বাবেও অন্য ৰাজ্যই সেই ভুক্তভোগীলোকসকলক নিজৰফলীয়া কৰিবলৈ সুযোগ পোৱা বুলি দিলীপ কুমাৰ শৰ্মাই লগতে অভিযোগ কৰে।
Also Read: উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সহজ উপায়...