প্ৰতিদিন টাইমৰ জ্যেষ্ঠ ফটো সাংবাদিক তিলক মগৰৰ শেষ নিশ্বাস ত্যাগ...

প্ৰতিদিন টাইমৰ জ্যেষ্ঠ ফটো সাংবাদিক তিলক মগৰৰ শেষ নিশ্বাস ত্যাগ...

author-image
Asomiya Pratidin
New Update
প্ৰতিদিন টাইমৰ জ্যেষ্ঠ ফটো সাংবাদিক তিলক মগৰৰ শেষ নিশ্বাস ত্যাগ...

প্ৰতিদিন টাইমৰ জ্যেষ্ঠ ফটো সাংবাদিক তিলক মগৰৰ শেষ নিশ্বাস ত্যাগ...

ডিজিটেল ডেস্কঃ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ ফটো সাংবাদিক তিলক মগৰ আৰু নাই। দুদিন পূৰ্বে অসুস্থ হৈ পৰা তিলক মগৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মঙ্গলবাৰে নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

উল্লেখ্য যে, পূৰ্বৰে পৰা জ্যেষ্ঠ ফটো সাংবাদিকগৰাকী হৃদৰোগৰ লগতে যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। ২ বছৰ পূৰ্বে তেওঁৰ হৃদযন্ত্ৰৰো অস্ত্ৰোপচাৰ কৰা হৈছিল। তামুলপুৰত জন্মগ্ৰহণ কৰা তিলক মগৰ কৰ্মসূত্ৰে গুৱাহাটীতেই স্থায়ীভাৱে বসবাস কৰিছিল।

প্ৰায় দুটা দশক ধৰি তেওঁ ছবি জগতৰ লগতে সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ দুই সন্তানসহ পত্নী আৰু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। আজি প্ৰয়াত তিলক মগৰৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত সম্পন্ন হ'ব। ফটো সাংবাদিকগৰাকীক মৃত্যুত মৰ্মাহত হৈ পৰিছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰিয়াল।

Also Read: চিলাপথাৰত ভূমিষ্ঠ হ'ল আন এক সৰ্বভাৰতীয় বাঙালী ছাত্ৰ সংগঠন...

প্ৰতিদিন টাইম