চিলাপথাৰত ভূমিষ্ঠ হ'ল আন এক সৰ্বভাৰতীয় বাঙালী ছাত্ৰ সংগঠন...

চিলাপথাৰত ভূমিষ্ঠ হ'ল আন এক সৰ্বভাৰতীয় বাঙালী ছাত্ৰ সংগঠন...
চিলাপথাৰত ভূমিষ্ঠ হ'ল আন এক সৰ্বভাৰতীয় বাঙালী ছাত্ৰ সংগঠন...

ডিজিটেল সংবাদ চিলাপথাৰঃ বাঙালী জনগোষ্ঠীয় কেইবাটাও সংগঠনে সক্ৰিয় কাম কাজ অব্যাহত ৰখাৰ সময়তে চিলাপথাৰত জন্ম লাভ কৰিলে আন এক সৰ্বভাৰতীয় হিন্দু বাঙালী ছাত্ৰ সংগঠনে। ভূমিষ্ঠ হোৱা এই সংগঠনটোৰ নাম 'নিখিল বাঙালী ছাত্ৰ পৰিষদ'। মঙ্গলবাৰে মাজৰবাৰী ৰাস মন্দিৰত বাঙালী জাতীয় পৰিষদৰ উদ্যোগত অনুষ্ঠিত নেতাজী জয়ন্তী আৰু ধেমাজি জিলা বাঙালী জাতীয় পৰিষদৰ অভিৱৰ্তনৰ কাৰ্যসূচীৰ মজিয়াতে ভূমিষ্ঠ হ'ল নতুন ছাত্ৰ সংগঠনটো।

বাঙালী জাতিৰ জলন্ত সমস্যা সমাধানৰ দাবীত আপোচ বিহীন সংগ্ৰাম চলাই যোৱাৰ লক্ষ্য আৰু উদেশ্য আগত ৰাখি জনাকীৰ্ণ অভিৱৰ্তনখনৰ জৰিয়তে গঠন কৰিলে এই নতুন সংগঠনটো। সংগঠনটোৰ অন্যতম আহ্বায়ক তথা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ৰঞ্জিত ৰয়ে কয়- বাঙালী সমাজ ডি ভোটাৰ আৰু ডিটেনচন কেম্পৰ সমস্যাৰ উপৰিও ভাষাৰ দৰে জ্বলন্ত সমস্যাৰে জৰ্জৰিত। তদুপৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি বাঙালী লোকৰ অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত বাঙালী ভাষা নিৰ্দেশনাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা আদি সমস্যা সমাধানৰ দাবীত আপোচ বিহীন সংগ্ৰাম চলাই যোৱাৰ লক্ষ্যৰে এই সংগঠন ভূমিষ্ঠ কৰোৱা হৈছে।

বাঙালী ৰাইজৰ এই দাবী বাস্তৱায়িত নোহোৱা পৰ্যন্ত সংগঠনটোৱে সংগ্ৰাম চলাই যাব বুলিও তেওঁ ব্যক্ত কৰে। অচিৰেই নতুন সংগঠনটো জিলা,ৰাজ্যিক আৰু সৰ্বভাৰতীয় পৰ্যায়ত পূৰ্ণাংগ ৰূপত গঠন কৰা হ'ব বুলি সদৰি কৰে।‌

চিলাপথাৰত ভূমিষ্ঠ হ'ল আন এক সৰ্বভাৰতীয় বাঙালী ছাত্ৰ সংগঠন...
১৬ এপ্ৰিলৰ পৰা লোকসভাৰ নিৰ্বাচন ! ভাইৰেল নিৰ্বাচন আয়োগৰ পত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in