চিন্তাৰ কাৰণ নাই, সুস্থ অখিল গগৈ

চিন্তাৰ কাৰণ নাই, সুস্থ অখিল গগৈ

author-image
Asomiya Pratidin
New Update
চিন্তাৰ কাৰণ নাই, সুস্থ অখিল গগৈ

ডিজিটেল ডেস্ক : উন্নত চিকিৎসাৰ বাবে মেদান্ত মেডিচিটি লৈ যোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ সুস্থ হৈ উভতি আহিল। উল্লেখযোগ্য যে কেভাৰন’মা (CAVERNOMA) নামৰ জটিল আৰু বিৰল মগজুৰ এক ৰোগত অখিল গগৈ আক্ৰান্ত হোৱা বুলি প্ৰাথমিকভাৱে চিকিৎসকে অনুমান কৰিছিল যদিও মেদান্ত মেডিচিটিত বিশেষজ্ঞ চিকিৎসকে সকলো পৰীক্ষা কৰি তেঁওৰ দেহত তেনে কোনো জটিলতাৰ লক্ষণ নাই বুলি জানিবলৈ দিয়ে।

Advertisment

উল্লেখযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কিছুদিনৰ পূৰ্বে চিকিৎসাধীন হৈ থকা গগৈক চিকিৎসকে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব বুলি পৰামৰ্শ দিছিল যদিও মেদান্ত মেডিচিটিত চিকিৎসকে তেনে প্ৰয়োজনীয়তাক অস্বীকাৰ কৰে। উন্নত চিকিৎসা কৰিবলৈ মুম্বাইলৈ যোৱা অখিল গগৈয়ে সোমবাৰে গুৱাহাটীলৈ ঘূৰি আহি মঙলবাৰে তেঁও শিৱসাগৰ সমষ্টিলৈ  ৰাওনা হয়।

তেঁওৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ থকা সমষ্টিবাসীক লগ ধৰিবলৈ শিৱসাগৰলৈ গৈ থকাৰ পথত অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা টেলিফোনিক সাক্ষাতকাৰত অখিল গগৈয়ে কয়- দীৰ্ঘ সময় পৰিয়ালৰ সৈতে বিচ্চিন্ন হৈ কাৰাগাৰত কটোৱা আৰু বিভিন্ন পক্ষৰ হেঁচা আৰু ৰাজনৈতিক ব্যস্ততাৰ বাবে তেঁও অসুস্থ হৈ পৰিছিল যদিও চিকিৎসকে সকলো পৰীক্ষাৰ অন্তত চিন্তাৰ কাৰণ নাই বুলি জানিব দিছে।

কিছু ভিটামিন জাতীয় ঔষধ আৰু দৈনিক ১ঘণ্টা নিজক দিবৰ বাবে চিকিৎসকে তেঁওক পৰামৰ্শ দিছে বুলিও কয় অখিল গগৈয়ে। চিকিৎসকৰ উদ্ধৃতিৰে অখিল গগৈয়ে আৰু জানিবলৈ দিয়ে যে এই ৰোগ তেঁওৰ জন্মগত। আশী শতাংশ লোকৰ মগজুতে এইধৰণৰ চিষ্ট জাতীয় বস্তু থাকে। যাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয়।

ইফালে ৰাজ্যৰ এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞই জানিবলৈ দিয়া মতে কেভাৰন’মা এক বিৰল ৰোগ। বিশ্বৰ মুঠ জনসংখ্যাৰ ০.২ শতাংশ লোকহে CMC অৰ্থাৎ চেৰিবেল কেভাৰন’ছ মালছ্ ফ’ৰমেছন ৰোগত আক্ৰান্ত হয়। আৰু এই ৰোগত আক্ৰন্ত হোৱা ২০ শতাংশ লোকৰ কেভাৰন’মা হোৱাৰ শংকা থাকে।

এই ৰোগত আক্ৰন্ত হ’লে মূৰৰ বিষ, অচেতন হৈ যোৱা, মাংসপেশী দুৰ্বল, ভাৰসাম্যহীনতা, স্মৃতি শক্তি হ্ৰাস, স্নায়ুজনিত সমস্যা, মগজুৰ ৰক্তক্ষৰণ, ৰাজহাড়জনিত সমস্যা আদি দেখা দিয়ে। এই ৰোগৰ কোনো বিশেষ চিকিৎসা নাই যদিও মগজুৰ ৰক্তক্ষৰণ হ’লেহে অস্ত্ৰোপচাৰ কৰিব লগা হয়।

অখিল গগৈ সুস্থ, আৰু তেঁওক কোনো অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই বুলি বিশেষজ্ঞ চিকিৎসকে সৰ্বশৰীৰ পৰীক্ষাৰ অন্তত জানিবলৈ দিয়াত তেঁওৰ অনুৰাগীসকলে স্বস্তিৰ নিশ্বাস এৰিছে।

Also Read: পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ : কাইলৈৰ পৰা খুলিব মহানগৰৰ বিদ্যালয়সমূহ

akhil gogoi