/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-24/rm6e7yxv/school-in-assam-.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যত উৎকট গৰমৰ বাবে ২৪ ছেপ্টেম্বৰ, মঙ্গলবাৰৰ পৰা স্কুল বন্ধ দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে শিক্ষা বিভাগে। মঙলবাৰে এক নিৰ্দেশনাৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰগৰাকীয়ে এই কথা অৱগত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-24/1gkyerrk/51202a5d-4693-4ec2-ba7d-9e0dbc7b9d4b.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰচণ্ড গৰমৰ বাবে শিক্ষা বিভাগে সোমবাৰে এক নিৰ্দেশনাযোগে ২৪ ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈকে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী, বেচৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পাছতে সোমবাৰৰ পৰা গুৱাহাটীত বতৰৰ অৱস্থা স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিত এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰা বুলি নতুন নিৰ্দেশনাত উল্লেখ কৰে। নতুন নিৰ্দেশনা পত্ৰত উল্লেখ কৰে যে অহা ২৫ ছেপ্তেম্বৰ বুধবাৰৰ পৰা বিদ্যালয়সমূহ আগৰ দৰেই খোলা থাকিব।
Also Read: বিশ্বনাথত বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে জনতাৰ ক্ষোভ : ঘোৰ নিদ্ৰাত জিলা প্ৰশাসন