/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ ঘৰত চুৰি...
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰি কাণ্ড। এই চোৰৰ টাৰ্গেত সাংবাদিক।
জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ বাসগৃহত পুৱতি নিশা চোৰে চলালে চাফাই অভিযান। জানিব পৰা মতে চোৰে সাংবাদিক দাসৰ ঘৰৰ পৰা দুটা মোবাইল ফোন আৰু নগদ ধন লৈ যায়।
তাৎপৰ্যপূৰ্ণ ভাৱে এই একেটা বাসগৃহতে পূৰ্বেও কেইবাবাৰো চুৰিৰ ঘটনা সংঘটিত হৈছে। কিদৰে এই একেটা বাসগৃহতে বাৰে বাৰে চোৰে চাফাই অভিযান চলাই তাক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
সমান্তৰালকৈ মহানগৰীত সাধাৰণ মানুহৰ জীৱনৰ, সম্পত্তিৰ নিৰাপত্তাৰ দিশটোক লৈও প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটীৰ মাজমজিয়াত কিদৰে প্ৰায় প্ৰতিদিনাই চুৰি, হত্যা আদিকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হ'বলৈ সুযোগ পাইছে সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে।
Also Read: খানাপাৰাত উদ্ধাৰ মাজুলীৰ শিক্ষকৰ মৃতদেহ...