/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/fe5f2f8a-ba0f-4f49-a50c-bfdf3a2f97ca/PRANAB_MILI_11.jpg)
খানাপাৰাত উদ্ধাৰ মাজুলীৰ শিক্ষকৰ মৃতদেহ...
ডিজিটেল ডেস্কঃ পুৱাই খানাপাৰাত উদ্ধাৰ হয় এক মৃতদেহ। ৰহস্যজনক ভাৱে উদ্ধাৰ হোৱা এই মৃতদেহটো প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত চিনাক্ত কৰিবলৈ সক্ষম হৈছে।
জানিব পৰা মতে উদ্ধাৰ হোৱা মৃতদেহটো প্ৰণৱ মিলি বুলি চিনাক্ত। প্ৰণৱ মিলিৰ ঘৰ খানাপাৰা ওচৰৰ মাজুলীপুৰত। টেটৰ জৰিয়তে শিক্ষকতাৰ চাকৰি লাভ কৰি কৰ্মৰত হৈ থকা প্ৰণৱ মিলিক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নীয়ে।
অৱশ্যে এই পৰ্যন্ত কোনে আৰু কিয় প্ৰণৱ মিলিক হত্যা কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে সম্পূৰ্ণ সত্য পোহৰলৈ আহিব।
কিন্তু এটাৰ পাছত আন এটা হত্যা কাণ্ড সংঘটিত হৈ থকা গুৱাহাটীত কেতিয়া সাধাৰণ ৰাইজৰ সুৰক্ষা সুনিশ্চিত হ'ব তাকলৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।
Also Read: চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মথুৰাপুৰ...