/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9a6d41f5-e3ab-4a46-9ccd-40fb0c4342ae/vice_president.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড় ।গুৱাহাটীৰ আই আই টিত দুটাকৈ কাৰ্যসূচীত অংশ ল'ব উপৰাষ্ট্ৰপতিগৰাকীয়ে । মা কামাখ্যাৰ আশীষ ল'ব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে । উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আগমনকলৈ তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী ।
বহুকেইটা পথত মহানগৰ আৰক্ষীয়ে নিৰ্দেশনা জাৰি কৰিছে । কাইলৈ জালুকবাৰীৰ পৰা মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব গধুৰ তথা বাণিজ্যিক বাহন । এটি ৰোডত বাণিজ্যিক বাহন চলাচলত জাৰি কৰা হৈছে নিষেধাজ্ঞা । ২৭ নং ৰাষ্ট্ৰীয় পথৰ লগতে ডি জি ৰোড, এম জি ৰোডতো গধুৰ বাহন চলাচলত নিষেধাজ্ঞ জাৰি কৰিছে প্ৰশাসনে । ৪ জুলাইৰ পুৱা ৬ বজাৰ নিশা ৯ বজালৈ জাৰি থাকিব এই নিৰ্দেশনা ।
Also Read: বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত আপ অসমৰ শোক প্ৰকাশ...