/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4baa92cb-20b7-4dbd-bdb1-b765dcc86eaf/sudoksina.jpg)
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে পুৱা জিএমচিএইছত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ঠ শিল্পী সুদক্ষিণা শৰ্মাই । শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে । বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ।
শিল্পীগৰাকীৰ মৃত্যুত আপ অসমৰ তৰফৰ পৰাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । শোকবাৰ্তাযোগে দলটোৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে, "বৰণ্যো শিল্পী গৰাকীৰ মৃত্যুত অসমৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি । অসমৰ সাংস্কৃতিক পথাৰখনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান সদায় চিৰসেউজ হৈ ৰ'ব । "
Also Read: সুদক্ষিণা শৰ্মা আৰু নাইঃ সোঁৱৰণী হৈ ৰ'ল সেই সুৰীয়া সময়...