/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3a331fec-b2d5-4b20-aa7a-b3c2233e35db/kamrup1.jpg)
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতে গুৱাহাটীৰ পথত বাস কৰা আশ্ৰয়হীন লোকসকলক উদ্ধাৰ কৰি আশ্ৰয় দিয়াৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ মঙলবাৰে নিশা জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নেতৃত্বত সমাজ কল্যাণ বিভাগ আৰু ছাইল্ড লাইনৰ বিষয়ববীয়াই উলুবাৰী আৰু পানবজাৰৰ পৰা পথত বাস কৰা ৫গৰাকী লোকক উদ্ধাৰ কৰি ৪গৰাকীক নৈশ আশ্ৰয় গৃহলৈ আৰু এগৰাকী মহিলাক বেলতলাৰ ৱান ষ্টপ ছেন্টাৰলৈ প্ৰেৰণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a10e0ded-de91-4280-adb8-d8d3caa28946/8d6ce292_2481_489c_b5f5_9d3ebf0e90df.jpg)
বুধবাৰে জিলা উপায়ুক্তগৰাকীয়ে জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া, শীৰ্ষ আৰক্ষী বিষয়া আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰে ৷ বৈঠকত অনাগত ১০ দিনৰ ভিতৰত পথত বাস কৰা লোকসকলক উদ্ধাৰ কৰি নৈশ আশ্ৰয় গৃহলৈ অনাৰ বাবে এটা টাস্ক ফ'ৰ্চ গঠনেৰে নিয়মীয়া অভিযান চলোৱাৰ সিদ্ধান্ত লয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e5a4c3ef-f8ce-41a8-93fc-5310dd15c9f0/c394c6ab_658c_4643_a308_45a49aa03d4f.jpg)
এই টাস্ক ফ'ৰ্চত অতিৰিক্ত উপায়ুক্ত ঝৰ্ণা পাটগিৰি, লক্ষ্যজিৎ দুৱৰীয়া আৰু সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ জিলা ন'ডেল বিষয়াৰ দায়িত্বত থাকিব বুলি জানিবলৈ দিয়ে ৷ টাস্ক ফ'ৰ্চত অভিযান চলোৱা অঞ্চলৰ এ চি পি পৰ্যায়ৰ আৰক্ষী বিষয়া, জিলা শিশু সুৰক্ষা বিষয়া, গুৱাহাটী পৌৰ নিগমৰ কালেক্টৰ আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি থকিব ৷ টাস্ক ফ'ৰ্চৰ কাম- কাজ তদাৰক, পৰামৰ্শ প্ৰদান আৰু পথত বাস কৰা লোকক আশ্ৰয়ৰ সমস্যাটোৰ স্থায়ী সমাধান উলিয়াবৰ বাবে এখন সমিতি গঠনৰো সিদ্ধান্ত লোৱা হয় বুলি উল্লেখ কৰে ৷
Also Read: কিয় বেবাব ছাগলীয়ে ? থানাত ৰুজু গোচৰ