৫ দিনে উদ্ধাৰ হোৱা নাই মহানগৰীত চুৰি হোৱা নৈশ বাছ

৫ দিনে উদ্ধাৰ হোৱা নাই মহানগৰীত চুৰি হোৱা নৈশ বাছ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মানকাচৰৰ নৈশ বাছ গুৱাহাটী মহানগৰীত চুৰি হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। এ এচ-০১-জে চি-৯৩৬৬ নম্বৰৰ ‘মহাব্বত’ নামৰ নৈশ বাছখন যোৱা ১১ ছেপ্টেম্বৰ পুৱা প্ৰায় ৪ বজাত মহানগৰীৰ ISBT ৰ ওচৰৰ পৰা কেবাজনীয়া দুৰ্বৃত্তৰ দল এটাই চুৰি কৰি নিয়ে। বিলাসীপাৰাৰ ইক্ৰামুল হুছেইন নামৰ লোকজনে ভেৰনীয়া গুন্ডাবাহিনীৰ সহযোগত বাছখন চুৰি কৰি নিয়াৰ অভিযোগ তুলিছে বাছৰ মালিকে।

মানকাচৰ-গুৱাহাটী অভিমূখী বাছখন ISBT পোৱাৰ পূৰ্বে ৰাস্তাৰ মাজতে ৰখাই যাত্ৰী সকলক নমাই দি বাছৰ চালকক প্ৰহাৰ কৰাৰ পাছত বাছখন চোৰ কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পাছত বাছৰ মালিক ছিৰাজ দৌলা আহমেদে মহানগৰীৰ গড়চুক থানাত চুৰি সম্পৰ্কে এটি লিখিত জাননি দাখিল কৰিছে। কিন্তু বিগত ৫ দিনেও মহানগৰীৰ গড়চুক আৰক্ষীয়ে নৈশ বাছখন উদ্ধাৰ কৰিব পৰা নাই।

উল্লেখ্য যে, ২০১৯ চনৰ ২৫ এপ্ৰিল তাৰিখে বিলাসীপাৰাৰ এইগৰাকী মহাব্বত হুছেইন নামৰ লোকজনৰ পৰা মানকাচৰৰ ছিৰাজ দৌলা আহমেদে ৩৫ লাখ টকাৰ বিনিময়ত বাছখন ক্ৰয় কৰিছিল। যোৱা আগষ্ট মাহতে ছিৰাজ দৌলাই বাছৰ সকলো কিস্তীৰ ঋণ পৰিশোধ কৰিছে।

কিন্তু ৰহস্যজনকভাৱে বিলাসীপাৰাৰ মহাব্বত হুছেইন নামৰ পূৰ্বৰ বাছ মালিকজনে ভাতৃ ইক্ৰামূল হুছেইনৰ সহযোগত গাড়ী চুৰি কৰি নিয়াৰ অভিযোগ তুলিছে বাছৰ মালিক ছিৰাজ দৌলা আহমেদে। গড়চুক আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান কৰি বাছখন উদ্ধাৰ কৰি দিয়াৰ লগতে চুৰি কাণ্ডত জড়িত ব্যক্তি কেইজনক গ্ৰেপ্তাৰৰ দাবী তুলিছে বাছৰ মালিকে।

৫ দিনে উদ্ধাৰ হোৱা নাই মহানগৰীত চুৰি হোৱা নৈশ বাছ
ৰাজ্যজুৰি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালনৰ আয়োজন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in