/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c864cbb1-350f-4e5a-a007-c9658e12ccec/57.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : ৰাজহ বিভাগে অতিৰিক্ত টকা লৈ থকাৰ গোপন ৰহস্য ফাদিল আপ অসমৰ। হিমন্ত বিশ্ব শর্মা নেতৃত্বতে বিজেপি চৰকাৰে গোপনে সম্পত্তি বিক্রী কৰা,অতিৰিক্ত কৰ সংগ্ৰহ কৰা,মূল্যবৃদ্ধি কৰা কোনো নতুন কথা নহয়। শনিবাৰে আম আদমি পার্টীয়ে অসম চৰকাৰৰ ৰাজহ বিভাগে গ্রাহকে গম নোপোৱাকে বহুদিনৰ পৰা অতিৰিক্তকৈ মাছুল সংগ্রহ কৰি থকা এক গোপন ৰহস্য ফাদিল কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/57cd6bc1-9696-47bf-bdc2-7dae65dff572/55ff7cec_f508_4362_9060_00d9cb11c0a8.jpg)
আপ অসমৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এই সম্পৰ্কে তথ্য সহকাৰে উল্লেখ কৰে। তথ্যত উল্লেখ কৰে যে, এজেণ্ডা অনুসৰি নতুনকৈ সম্পত্তি পঞ্জীয়ন কৰাত মহিলাৰ বাবে ১ শতাংশ, পুৰুষৰ বাবে ৩ শতাংশ, পুৰুষ-মহিলা যুটীয়াভাৱে কৰিলে ২ শতাংশ কৰ ল'ব লাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fe3242b6-6686-4ed6-9780-1c601b6845e3/1dce1447_de01_45b6_8bc1_41851f1f927c.jpg)
কিন্তু ৰাজহ বিভাগে গোপনে ইয়াতকৈ ২ শতাংশ অধিক কৰ বহু দিনৰ পৰা সংগ্রহ কৰি আছে। এই সম্পর্কে ৰাজহ বিভাগৰ আয়ুক্তৰ লগত যোগাযোগ কৰাত আয়ুক্তই মন্তব্য দিয়াৰ পৰা বিৰত থাকে বুলি উল্লেখ কৰে।
কেৱল মৌখিকভাৱে গ্রাহক অৱগত কৰি চার্চাজ (Surcharge) হিচাপে লৈ থকা বুলিহে জনায়। উল্লেখ্য যে, আম আদমি পার্টীয়ে কোনো চৰকাৰী জাননী নিদিয়াকৈ গোপনভাৱে এনেদৰে অতিৰিক্ত কৰ সংগ্রহ কৰাত ক্ষোভ প্রকাশ কৰে লগতে অনাগত দিনত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব বুলি উল্লেখ কৰে।
Also Read: কঁহৰাস্থিত জলসম্পদ বিভাগৰ নিৰ্মীয়মান বঙলাত হঠাৎ উপস্থিত মন্ত্ৰী পীয়ুষ হাজৰিকা