/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/568067ee-34ae-4dcf-970f-c9c7f3d0ce86/56.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত জলসম্পদ বিভাগৰ নিৰ্মীয়মান পৰিদৰ্শন বঙলাত চাদেন ভিজিট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। প্ৰায় ৬.৫ কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙাত নিৰ্মান চলি থকা জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাটোৰ নিৰ্মাণৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/6f9f63d5-30c2-4c60-8b4e-655361045f86/376839766_836163517964745_7041679629127852240_n.jpg)
দুবছৰ পূৰ্বে নিৰ্মাণ আৰম্ভ হোৱা বঙলাটোৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাত অসন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে ৭০ শতাংশ নিৰ্মাণ সম্পূৰ্ণ হোৱা বঙলাটো অহা ডিচেম্বৰ মাহত মুকলি কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/412be177-ff51-4139-8274-f048d94de776/372049632_836163747964722_2045414941198445233_n.jpg)
ইফালে, দিল্লীৰ G 20 অনুষ্ঠানত বিহুক বিকৃত কৰাক গৰ্হিত কাম বুলি আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে। বিহুৰ আয়োজনত অসম চৰকাৰ জড়িত নহয় বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d264134c-bc59-40ba-b1cf-1e3533ad70e3/372038703_836163677964729_7082533576273883415_n.jpg)
আনহাতে গাঁৱে গাঁৱে কংগ্ৰেছ প্ৰসংগত তেওঁ কয় যে, উজনি অসমত কংগ্ৰেছৰ মিটিংত ২০০ সাধাৰণ আৰু ১০০ দলীয় নেতা থাকে। মুঠ ৩শ মানুহ থাকে। কংগ্ৰেছে গাঁৱে গাঁৱে মিটিং কৰি লাভ নাই বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0ad8b481-7328-4bbb-9785-29c36f010b21/372040168_836163721298058_7227911896625760835_n.jpg)
লগতে,শিৱসাগৰত অখিল গগৈৰ লগত সৌহাদ্যমূলক হোৱা আলোচনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। 'শেহতীয়া বানত মাত্ৰ ৪টা মাথাউৰী ভাঙিছে। পূৰ্বতে ২০ৰ পৰা ২৫ টা মাথাউৰী বানত ভাঙিছিল। এতিয়া কাম ভাল হৈছে' বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c55222c0-297b-42c0-9b6f-659e64717099/376697022_836163584631405_1931343709917616990_n.jpg)
আনহাতে, পৰিদৰ্শন বঙলাৰ কাষত থকা এটা গণেশ মন্দিৰত আশীৰ্বাদ লৈ মন্দিৰৰ ভকতৰ অনুৰোধ মৰ্মে মন্দিৰটোলৈ ১ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰে।
Also Read: বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰত ভাতৃ-ভগ্নীৰ অকাল মৃত্যু